কাণ সদায় পৰিষ্কাৰ কৰা উচিতনে? Is cleaning the ears every day necessary?

0
621
বহুতৰে কাণ পৰিষ্কাৰ কৰাৰ অভ্যাস আছে৷ বহুতো মাতৃয়ে শিশুক সদায় কাণ পৰিষ্কাৰ কৰি দিয়ে৷ কাণ পৰিষ্কাৰ কৰোঁতে ছেফটি পিন, দিয়াচলাইৰ কাঠী, চৰাইৰ পাখি, কটন বাড আদি ব্যৱহাৰ কৰা হয়৷ কিছুৱে আকৌ হাততে যি পায়, সেই সামগ্ৰী কাণত সুমুৱাই দি কাণৰ খজুৱতি মাৰে৷ মুঠতে নানা উপায়েৰে কাণ পৰিষ্কাৰ কৰা হয়৷ কিন্তু কাণ পৰিষ্কাৰ কৰিবলৈ লোৱা এইবোৰ পদ্ধতি সঠিক হয় নে নহয়? 
       মুঠতে ক’বলৈ গ’লে উপৰিউক্ত পদ্ধতিসমূহ বিজ্ঞানসন্মত নহয়৷ এইদৰে কাণ পৰিষ্কাৰ কৰাৰ ফলত বিপদৰহে আশংকা থাকে৷ বহুদিন ধৰি পেকেট খুলি ৰখা কটন বাডেৰে কাণ পৰিষ্কাৰ কৰিলে তাত লাগি থকা ধূলি-বালিয়ে কাণৰ বিপদ ঘটাব পাৰে৷ আদ্ৰৰ্তাৰ কাৰণে পেকেট খুলি ৰখাৰ ফলত তাত বীজাণু জন্মে৷ এই বীজাণুৱে কাণত সংক্ৰমণ সৃষ্টি কৰিব পাৰে৷ আনহাতে কাণ পৰিষ্কাৰ কৰি থকাৰ সময়ত অসাৱধানবশতঃ কাণৰ ভিতৰত আঘাত লাগিলে কাণৰ পৰ্দা ছিঙি কাণৰ বিপদৰ সম্ভাৱনা থাকে৷ ছেফটি পিন, দিয়াচলাইত থকা বাখৰ আদি কাণৰ ভিতৰলৈ গৈ কাণৰ বিভিন্ন ৰোগৰ সৃষ্টিত অৰিহণা যোগাব পাৰে৷
How to Safely Clean Your Ears
  • মূল কথাটো হ’ল কাণ সাধাৰণভাৱে পৰিষ্কাৰ কৰাৰ কোনো আৱশ্যক নাই৷ প্ৰাকৃতিকভাৱে শাৰীৰিক কিছু প্ৰক্ৰিয়াৰে আপোনা আপুনি কাণ চাফা হয়৷ নিয়মিতভাৱে কাণ পৰিষ্কাৰ কৰিলে এই প্ৰাকৃতিক পদ্ধতিত বাধাৰ সৃষ্টি হয়৷
  • প্ৰাকৃতিকভাৱে কাণৰ সৰু পথৰ ছালে বিশেষ প্ৰক্ৰিয়াৰ মাধ্যমেৰে তাত জমা হোৱা তৰল আৰু আঠাজাতীয় বস্তুবোৰ কাণৰ বাহিৰ কৰি দিয়ে৷
  • চিকিৎসকে জনোৱা মতে কাণৰ দুই কাম– শুনা আৰু দেহৰ ভাৰসাম্য ৰক্ষা কৰা৷ সেয়েহে কাণৰ যত্ন লোৱাতো দৰকাৰ৷ কেতিয়াবা অসাৱধানতাৰ বাবে কাণৰ ভিতৰত পানী সোমাই কাণ পকি যাব পাৰে৷ ইয়াৰ ফলত কাণৰ সমস্যাৰ লগতে মানসিক বিকৃতিও ঘটিব পাৰে৷ কিন্তু ইয়াৰ বাবে কাণ পৰিষ্কাৰ কৰাৰ সলনি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷
How to get water out of your ear: 6 easy methods
  • চিকিৎসকৰ পৰামৰ্শ মতে কাণত ড্ৰপ ব্যৱহাৰ কৰিলে কাণৰ ভিতৰৰ ময়লা নৰম হয়৷ দুই-তিনিদিন পাছত কাণৰ ময়লা আপোনা আপুনি বাহিৰ ওলাই আহিব পাৰে৷
  • ইয়াৰ উপৰি কেতিয়াবা এনেও হাচি মৰা, কথা কোৱাৰ সময়ত কাণৰ পেশী সঞ্চালন হৈ ময়লা বাহিৰ হ’ব পাৰে৷ সেয়েহে আমি কাণত কাঠী সুমুৱাই, ছেফটি পিন ভৰাই কাণ পৰিষ্কাৰ কৰাটো উচিত নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here