পুনৰ গুৱাহাটীত বৃহৎ পৰিমাণৰ ড্ৰাগ্‌ছ জব্দ || Once again huge consignment of drugs seized in Guwahati

0
1525
ৰাজ্যজুৰি ড্ৰাগ্‌ছ-বিৰোধী অভিযান চলাই থকাৰ মাজতে এইবাৰ খোদ ৰাজধানী গুৱাহাটী মহানগৰীত প্ৰায় ১৬ কোটি টকা মূল্যৰ ড্ৰাগ্‌ছ জব্দ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটীৰ মাজেৰে উত্তৰ প্ৰদেশলৈ সৰবৰাহ কৰাৰ চেষ্টা কৰাৰ সময়ত মহানগৰীৰ গড়চুকত মহানগৰ আৰক্ষীৰ বিশেষ দলৰ এক অভিযানত এখন ১২ চকীয়া ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগ্‌ছ জব্দ কৰা হয়৷ মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত এটা বিশেষ গোটে চলোৱা অভিযানৰ সময়ত নিৰ্দিষ্ট সূত্ৰৰ তথ্যৰ ভিত্তিত গড়চুকত এখন ইউ পি ৬৫ চি ২১৫০ নম্বৰৰ ট্ৰাকত তালাচী চলাই প্ৰায় ২.৪২ কেজি নিষিদ্ধ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷ ট্ৰাকখনত বিশেষভাৱে নিৰ্মিত এটা চেম্বাৰত এই ড্ৰাগ্‌ছখিনি লুকুৱাই নিয়াৰ চেষ্টা কৰা হৈছিল৷ মণিপুৰৰ পৰা উত্তৰ প্ৰদেশলৈ সৰবৰাহ কৰাৰ চেষ্টা কৰা ড্ৰাগ্‌ছখিনি গুৱাহাটীত সৰবৰাহকাৰী সলনি হোৱাৰ কথা আছিল৷ কিন্তু তাৰ পূৰ্বেই আৰক্ষীয়ে ড্ৰাগ্‌ছখিনি জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে জব্দ কৰা ড্ৰাগ্‌ছখিনিৰ মূল্য প্ৰায় ১৬ কোটি টকা হ’ব বুলি প্ৰকাশ কৰিছে৷ আৰক্ষীয়ে ড্ৰাগ্‌ছখিনি সৰবৰাহ কৰা দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আনহাতে যোৱা নিশা মহানগৰ আৰক্ষীয়ে চলোৱা আন এটা অভিযানত জু-নাৰেংগী তিনিআলিৰ নাৰিকলবস্তিৰ পৰা ধ্ৰুৱজ্যোতি ভূঞা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে পাঁচটা হেৰ’ইনভৰ্তি টেমা জব্দ কৰিবলৈ সক্ষম হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here