সন্তান খুব আঁকোৰগোজ, জেদীহৈছে নেকি? কেনেকৈ সতৰ্ক হ’ব

0
638


সন্তান ডাঙৰ-দীঘল কৰা কামটো আটাইতকৈ কঠিন৷ বয়োজ্যেষ্ঠসকলৰ মাজত এই কথাটো প্ৰায়েই শুনা যায়৷ আনহাতে এই কথাও ঠিক যে সকলোৰে পিতৃ-মাতৃয়ে এই কথাটো হাড়ে-হিমজুৱে বুজি পায়৷ জন্মৰ পাছতে পৰা তুলি তালি ডাঙৰ কৰি সমাজৰ এজন হিচাপে উলিয়াই দিয়াটো অভিভাৱকৰ প্ৰধান আৰু মুখ্য উদ্দেশ্য হোৱা উচিত৷ সৰুকালৰে পৰা সন্তানক শিকাই বুজাই সমাজত সুনাগৰিকৰূপে প্ৰতিষ্ঠা কৰা প্ৰত্যেকগৰাকী পিতৃ-মাতৃৰে প্ৰধান দায়িত্ব৷ আজিকালি বহু সন্তানক অসম্ভৱ জেদী নাইবা প্ৰচণ্ড এগ্ৰেচিভ হোৱা দেখা যায়৷ যেতিয়াই যি বিচাৰে লগে লগে দিবই লাগে৷ সৰুতে ল’ৰা-ছোৱালী এইদৰে সাৎঘাতিক জেদী, আঁকোৰগোজ হোৱাৰ মূলতে কিন্তু পিতৃ-মাতৃ দায়ী বুলি ক’ব পাৰি৷ পিতৃ-মাতৃৰ সামান্য অৱহেলা বা গাফিলতিৰ বাবে সন্তানৰ ক্ষেত্ৰত ভৱিষ্যতত ডাঙৰ ভুল হৈ যায়৷ সেয়ে সন্তান সৰু থকা কালত কিছু সাৱধানতা তথা সতৰ্কতা অৱলম্বন কৰাটো নিতান্তই প্ৰয়োজন শিশুৰ ভৱিষ্যৎ জীৱন উজ্জ্বলৰ ক্ষেত্ৰত৷ জানো আহক সন্তানৰ আগত আপোনাৰ ব্যৱহাৰ কেনে হোৱা উচিত, যিবোৰে সমাজত সন্তানটোক ভৱিষ্যতে সুনাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে৷
আপুনি যদি সন্তানৰ সন্মুখত ঘৰৰ আন সদস্য, গুৰুজন, আনকি দোকানী, গাড়ী চালক, জাৰুৱালা, পাচলিৱালা আদিৰ লগত বেয়া ব্যৱহাৰ কৰে, তেতিয়াহ’লে আপোনাৰ সন্তানেও সেই একেই ব্যৱহাৰে শিকিব৷ যিহেতু শিশুৱে ডাঙৰক অনুসৰণ কৰে৷ আপোনাৰ এনেবোৰ কামে শিশুমনত গভীৰ প্ৰভাৱ পেলায়৷ পাছলৈ আপোনাৰ সন্তানে আপোনাকো এনে ব্যৱহাৰ কৰিবলৈ ল’ব৷ শিশুৰ আগত সেয়ে এই কামবোৰৰ কৰাৰ পৰা বিৰত থাকক৷
অভিভাৱকে যদি ডাঙৰক সন্মান নকৰে বা সন্তানৰ সন্মুখত এনে লোকৰ বিৰুদ্ধে ক্ৰমাগত অভিযোগ কৰি থাকে, তেন্তে সন্তানৰ মনতো বিৰূপ প্ৰভাৱ পৰিব৷ আপোনাৰ এনেধৰণৰ আচৰণে সিহঁতৰ মনত অশান্তি সৃষ্টি কৰিব পাৰে অথবা তেওঁলোকৰ মনতো বিৰক্তি, বিভ্ৰান্তি আদিয়ে শিপাব আৰু পৰৱৰ্তী সময়ত এনে সন্তানৰ আচৰণ ওলোটা হ’ব৷
সন্তানৰ সন্মুখত মাক-দেউতাকে যদি আনৰ বদনাম, নেতিবাচক সমালোচনা কৰি থাকে৷ ইয়াৰ প্ৰভাৱ কুমলীয়া শিশুৰ মনৰ ওপৰত পৰে৷ পাছলৈ তেনে শিশু কাকো বিশ্বাস কৰাৰ সাহস নকৰে৷ স্বভাৱতে খং কৰে, আঁকোৰগোজ হয়৷
আনহাতে শিশুৰ মনৰ কথা উপেক্ষা কৰা উচিত নহয়৷ কিছু এনে অভিভাৱকো আছে যি নিজ সন্তানে কি ক’বলৈ বিচাৰিছে, কি বুজাইছে, তালৈ ভ্ৰূক্ষেপ নকৰে, বুজিবলৈ চেষ্টা নকৰে৷ যদি পিতৃয়ে সন্তানৰ পৰা দূৰৈত অৱস্থান কৰে, তেনে ক্ষেত্ৰত শিশু জেদী হয় আৰু পাছলৈ কাৰো কথাই নুশুনে৷
আন কিছুক্ষেত্ৰত দেখা যায় যে ঘৰলৈ কোনোবা আলহী অতিথি আহিলেই নিজৰ সন্তানৰ আগতে গুণানুকীৰ্তন ব্যস্ত হয়৷ এনে দেখুৱাই যে একমাত্ৰ তেওঁলোকৰ সন্তানেহে সৰ্বগুণী, সৰ্বজান্তা৷ তেনে শিশুৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ সোনকালে পৰে৷ যিকোনো বস্তু লাগ বুলিলেই তেনে শিশুৰ দিব লগা হয়গৈ৷ সেয়ে আপুনি অত্যধিক ভাল পালেও সন্তানৰ সন্মুখতে আনৰ আগত গুণানুকীৰ্তন নকৰিব৷
সৰুকালৰ পৰা নিজৰ সন্তানৰ ওপৰত তীক্ষ্ণ নজৰ দিয়ক৷ সন্তানে আপোনাক কি ক’ব বিচাৰিছে মনোযোগেৰে শুনিবলৈ চেষ্টা কৰক৷ সন্তানৰ আগত আনৰ দোষ নুখুঁচৰিব৷ আনক ভাল ব্যৱহাৰ কৰিবলৈ, আনৰ সৈতে সুন্দৰভাৱে মাত কথা, আচাৰ আচৰণ বা আনক সহায় কৰিবলৈ সৰুৰে পৰা শিকালে তেনে শিশু সমাজত ভৱিষ্যতে এজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ নিজকে প্ৰস্তুত হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here