বিশ্ব অভিলেখ : পানীৰ তলত ৭৪ দিন

0
634


আমেৰিকাৰ ফ্লৰিডা বিশ্ববিদ্যালয়ৰ এজন বিজ্ঞানীয়ে পানীৰ তলত ৭৪ দিন থাকি অভিলেখৰ সৃষ্টি কৰে৷ অধ্যাপক যোছেফ ডিটুৰীৰ ফ্লৰিডা লেগুনত প্ৰায় ৩০ ফুট তলত থকা ৭৪ দিন সম্পূৰ্ণ হৈছে৷ ১০০ বৰ্গফুটৰ এটা কেপছুলত থকা ডিটুৰীৰ লক্ষ্য হ’ল পানীৰ তলত ১০০ দিন কটোৱাৰ৷ ইয়াৰ আগতে ২০১৪ চনত আন দুজন অধ্যাপকে পানীৰ তলত ৭৩ দিন কটাই অভিলেখৰ সৃষ্টি কৰিছিল৷ কালি ডিটুৰিয়ে এই অভিলেখ ভংগ কৰে৷ অধ্যাপক ডিটুৰি যোৱা ১ মাৰ্চত পানীৰ তলত থকাৰ বাবে নামিছিল আৰু তেওঁ ৯ জুনতহে বাহিৰলৈ আহিব৷ পানীৰ তলত থাকি তেওঁ বৈজ্ঞানিক গৱেষণা কৰি আছে৷ ডিটুৰিয়ে ছ’চিয়েল মিডিয়াত কয় যে গৱেষণাৰ প্ৰতি থকা মোৰ অনুসন্ধিৎসু মনটোৰ বাবেই মই ইয়ালৈ আহিলোঁ৷ প্ৰথম দিনটোৰ পৰাই মোৰ লক্ষ্য হ’ল সমগ্ৰ বিশ্বৰে বিজ্ঞানী তথা নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰা৷ বিশ্ব অভিলেখ ভংগ কৰাটো মোৰ এক ডাঙৰ সফলতা৷ মোৰ অভিযান ইয়াতে শেষ নহয়৷ গৱেষণা চলাই থকাৰ বাবে মোৰ হাতত আৰু ২৩ দিন আছে৷ পানীৰ তলত থকা অৱস্থাত ডিটুৰিয়ে মাইক্ৰ’ৱেভত প্ৰস্তুত কৰা কণী তথা উচ্চ প্ৰ’টিনযুক্ত খাদ্য গ্ৰহণ কৰিছে৷ তেওঁ শাৰীৰিক অনুশীলন কৰাৰ লগতে নিয়মীয়াকৈ শুইছেও৷ পানীৰ তলত উচ্ছ চাপত থকাৰ সময়ত মানুহৰ শৰীৰে কেনেকৈ কাম কৰে সেইটো জনাৰ চেষ্টা কৰিছে তেওঁ৷ ডিটুৰিয়ে অলপতে এবিধ এককোষী জীৱ আৱিষ্কাৰ কৰিছিল৷ পানীৰ তলত থকা অৱস্থাত ডিটুৰিৰ নিয়মীয়াকৈ শৰীৰ পৰীক্ষা কৰি থকা হৈছে৷ তেওঁৰ প্ৰস্ৰাৱ আৰু তেজৰ নমুনাৰ পৰীক্ষা কৰি থকা হৈছে৷ ইয়াৰ লগতে মনোবিজ্ঞানী আৰু মনোৰোগ চিকিৎসকেও তেওঁৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here