প্লাষ্টিকে মানৱ সমাজলৈমাতিছে বিপদাশংকা

0
347


মানুহে শুই উঠাৰে পৰা নিশা শোৱাৰ সময়লৈকে গোটেই সময়খিনিত বিভিন্ন কামত প্লাষ্টিকজাতীয় সামগ্ৰী ব্যৱহাৰ কৰে৷ মুঠতে সমগ্ৰ জীৱন প্ৰণালীটোত প্লাষ্টিক অবিহনে আমি আমাৰ নিত্য কাৰ্য সমাধান কৰিব নোৱাৰোঁ৷ পানীৰ বটল, চাহ-কফিৰ কাপ, ভাত খোৱা বাচন, প্লাষ্টিকৰ ফেচ মাস্ক, টী বেগ, ৱাশ্বিং পাউডাৰ, বহা চকী, ঘৰ ৰঙীন কৰিবলৈ ব্যৱহাৰ কৰা ৰং, বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰী আদি সকলোতে প্লাষ্টিক ব্যৱহাৰ কৰা হয়৷ মুঠতে বৰ্তমান সময়ত প্লাষ্টিক অবিহনে মানৱ জীৱন অচল বুলি ক’ব পাৰি৷ কিন্তু এই প্লাষ্টিকে মানৱ সমাজলৈ এতিয়া সৃষ্টি কৰিছে ভয়াৱহ পৰিণাম৷ নৈমিত্তিক ব্যৱহাৰ্য এই প্লাষ্টিকৰ সামগ্ৰীসমূহত এনেকুৱা মাইক্ৰ’প্লাষ্টিক অৰ্থাৎ প্লাষ্টিকৰ অতি ক্ষুদ্ৰ কণা থাকে, যিবিলাক মানুহৰ শৰীৰত প্ৰৱেশ কৰি মগজু পায়গৈ৷ প্ৰসাধন সামগ্ৰী, বস্ত্ৰ, বিভিন্ন খাদ্য সামগ্ৰীৰ পেকেজিং আদি বিভিন্ন প্ৰকাৰে এই ক্ষুদ্ৰ কণাবোৰ বায়ু, পানী আদিত মিহলি হৈ পৰে৷ আৰু ইয়েই মানুহৰ বিভিন্ন মাৰাত্মক ৰোগৰ কাৰণ হৈ পৰিছে৷ এনভাইৰনমেণ্ট ইণ্টাৰনেশ্যনেল নামৰ বাৰ্তালোচনীখনৰ এখন প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি বিজ্ঞানীসকলে এটা অধ্যয়নৰ পৰা জানিব পাৰিছে যে মাইক্ৰ’প্লাষ্টিকে মানুহৰ শৰীৰত প্ৰৱেশ কৰাৰ পাছত শৰীৰৰ গুৰুত্বপূৰ্ণ অংগসমূহৰ ক্ষতি সাধন কৰে৷ মগজুত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে৷ বিজ্ঞানীসকলে উদ্বেগ প্ৰকাশ কৰিছে যে বৰ্তমানৰ পৰিস্থিতি অব্যাহত থাকিলে মাইক্ৰপ্লাষ্টিক আৰু নেন’প্লাষ্টিকে মানুহ কোষবোৰৰো ক্ষতি কৰিব৷ ইয়াৰ ফলত অকাল মৃত্যু হোৱাৰ আশংকা বৃদ্ধি পাব৷ এই অধ্যয়নটোত বিভিন্ন ধৰণৰ বাইছজন লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছিল৷ ইয়াৰে অধিকাংশ নমুনাত সাধাৰণতে প্লাষ্টিকৰ বটলত পোৱা পি ই টি প্লাষ্টিক পোৱা গৈছিল৷ ইয়াৰে এক তৃতীয়াংশ হ’ল খাদ্য আৰু আন সামগ্ৰীৰ পেকেজিঙত ব্যৱহাৰ কৰা পলিষ্টাইনি, পলিঅ’থাইলিন পোৱা গৈছিল৷ গৱেষকে প্ৰকাশ কৰা মতে নেন’প্লাষ্টিক শৰীৰৰ প্ৰৱেশ কৰাৰ লগে লগে মগজু পায়গৈ৷ ইয়াৰ ফলত মূৰৰ বিষ. স্নায়ুতন্ত্ৰৰ বিকাৰ, আলজেইমাৰৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here