শৰীৰ আৰু মন সতেজ সবল কৰি ৰাখে বীটে

0
45


শৰীৰ আৰু মন সতেজ-সবল কৰি ৰখাত সহায় কৰিব পাৰে বীটে৷ বীটৰ ভালেমান উপকাৰী গুণ আছে৷ প্ৰাচীন গ্ৰীচৰ সময়ৰ পৰাই বীট মানুহৰ শৰীৰৰ কাৰণে উপকাৰী বুলি জনা যায়৷ শেহতীয়াকৈ বীটৰ ভালেমান গুণৰ বিষয়ে জানিব পৰা গৈছে৷ বীটৰ এণ্টিঅক্সিডেণ্ট গুণো আছে৷ ইয়াৰ লগতে বীটে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি মস্তিষ্ক সতেজ কৰি ৰখাতো সহায় কৰে৷ ইটালিত কেই বছৰমানৰ আগতে কৰা এটা অধ্যয়নৰ পৰা জানিব পৰা মতে, বীটে কলন কেন্‌ছাৰৰ কোষবোৰ নষ্ট কৰাতো সহায় কৰে৷ সাধাৰণতে অধিক মাত্ৰাত নাইট্ৰেট সেৱন কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী নহয়, কিন্তু বীটৰ দৰে শাক-পাচলিত প্ৰাকৃতিকভাৱে থকা নাইট্ৰেট খোৱাটো স্বাস্থ্যৰ বাবে ভাল বুলিহে বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে৷ বীট খোৱাৰ ফলত মুখত থকা বেক্টেৰিয়া নাইট্ৰেটক নাইট্ৰিক অক্সাইডলৈ সলনি কৰে৷ ব্ৰিটেইনৰ এক্সেটৰ বিশ্ববিদ্যালয়ৰ এপ্লাইড ফিজিঅ’লজিৰ অধ্যাপক এণ্ডী জোন্সে এথলীটসকলৰ দহ বছৰৰ প্ৰদৰ্শনক লৈ এটা অধ্যয়ন কৰিছিল৷ তেওঁ কয় যে নাইট্ৰিক অক্সাইডে ৰক্ত প্ৰৱাহী নলীবোৰ বহল কৰাত সহায় কৰে৷ ফলত সহজে ৰক্ত প্ৰৱাহিত হ’ব পাৰে আৰু দেহৰ কোষবোৰলৈ পৰ্যাপ্ত অক্সিজেনৰ যোগান ধৰাত সহায় কৰে৷ আন এটা গৱেষণাৰ পৰা জানিব পৰা মতে, একেৰাহে বীট খালে ৰক্তচাপ হ্ৰাস পোৱাটো নিশ্চিত৷ জোন্সৰ মতে, বীট খালে ৰক্তচাপ হ্ৰাস পোৱাটো নিশ্চিত৷ ইয়াৰ ফলত ষ্ট্ৰ’ক, হাৰ্ট এটেকৰ আশংকাও হ্ৰাস পায়৷ আনহাতে, শাৰীৰিক অনুশীলন কৰাৰ সময়ত বীটৰ ৰস সেৱন কৰিলে আমাৰ শৰীৰৰ হালি-জালি থকা, ইফাল-সিফাল কৰাৰ কাম নিয়ন্ত্ৰণ কৰা মগজুৰ অংশটোৰ সক্ৰিয়তা বৃদ্ধি পায়৷ আন কথাত বীটে মগজুক সতেজ আৰু সক্ৰিয় কৰি ৰখাত সহায় কৰে৷ ইয়াৰ কাৰণ হ’ল বীট খোৱাৰ পাছত মগজুলৈ ৰক্ত সঞ্চাৰণ বৃদ্ধি পোৱাটো৷ এথলীটসকলৰ বীট সেৱনৰ পাছত সহন শক্তি ১৬% বৃদ্ধি পোৱা বুলিও জানিব পৰা গৈছে৷ বিশেষজ্ঞসকলে বীট সিজাই খোৱাতকৈ কেঁচাই খাবলৈহে পৰামৰ্শ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here