একাধিক সংগীৰ সৈতে যৌন সম্পৰ্কৰ আসক্ত কিমান বিপজ্জনক?

0
45

সম্পৰ্কৰ ক্ষেত্ৰত যৌনতাৰ বহু ডাঙৰ ভূমিকা থাকে৷ প্ৰেমৰ সম্পৰ্কত মনৰ চাহিদাৰ সৈতে জড়িত থাকে শাৰীৰিক চাহিদাও৷ সহজ ভাষাত ক’বলৈ হ’লে প্ৰেম-ভালপোৱাৰ ক্ষেত্ৰত মন আৰু শৰীৰ দুয়োটা মিলাটো জৰুৰী৷ আনহাতে কিছু ক্ষেত্ৰত দেখা যায় যে এজন সংগীৰ সৈতে সন্তুষ্ট নহয় বা বেছিদিন এনে সম্পৰ্ক বজাই ৰাখিব নোৱাৰে৷ কম দিনতে এনে লোকৰ সম্পৰ্কত ফাট মেলে আৰু সংগীৰ পৰা আঁতৰি যায়৷ তেনে ব্যক্তিয়ে একাধিক সংগীৰ সৈতে যৌন সম্পৰ্কত প্ৰতি আকৃষ্ট হয় বা লিপ্ত হয়৷ বহু সময়ত এনে ব্যক্তিয়ে পৰকীয়া প্ৰেমত জড়িত হৈ পৰে৷
দ্য নেশ্যনেল ছাৰ্ভে অব ফেমিলী গ্ৰোথৰ সূত্ৰই জনা গৈছে যে ২০১৫ চনৰ পৰা ২০১৯ চনলৈ এটা পৰিসংখ্যাৰ প্ৰকাশ কৰিছে আমেৰিকাৰ চেণ্টাৰ্ছ ফৰ ডিজিজ কণ্ট্ৰল তথা প্ৰিভেনশ্যন বা চি ডি চিৰ ফালৰ পৰা৷ এই পৰিসংখ্যাত থকা হিচাপে মতে যৌনক্ৰিয়াত লিপ্ত হোৱা মহিলাৰ ক্ষেত্ৰত গড় সংগীৰ সংখ্যা ৪.৩ তথা পুৰুষৰ ক্ষেত্ৰত গড় সংগীৰ সংখ্যা ৬.৩৷ সমীক্ষাত অংশগ্ৰহণ কৰাসকলৰ ভিতৰত ৫০ গৰাকীতকৈও বেছিয়ে সংগীৰ সৈতে একাধিক যৌনক্ৰিয়া কৰিছিল৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰে যে বিভিন্ন স্তৰৰ ব্যক্তিয়ে একাধিক সংগীৰ সৈতে যৌন মিলনত লিপ্ত হয়, যিটো একেবাৰে সুৰক্ষিত নহয়, বিপজ্জনকহে৷ একাধিক সংগীৰ সৈতে যৌন সম্পৰ্ক কৰাটো কিমান বিপজ্জনক তথা ইয়াৰ পৰা কি ভয়াৱহ ঘটনা সংঘটিত হ’ব পাৰে সেয়া জনাটো প্ৰয়োজন৷ গৱেষণাৰ পৰা পোৱা গৈছে যে একাধিক যৌনসংগী থাকিলে অৰ্থাৎ বহুতৰ সৈতে সহবাস কৰিলে, যৌন সংস্পৰ্শলৈ আহিলে বিভিন্ন যৌনৰোগ, সংক্ৰমণ হোৱাৰ আশংকা থাকে৷ মাৰাত্মক এইচ আই ভি, হেপাটাইটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় একাধিক অসুৰক্ষিত যৌন মিলনৰ ফলত৷ যিসকলৰ জীৱনত একাধিক যৌন সংগী থাকে, তেওঁলোকৰ কেঞ্চাৰৰ সম্ভাৱনা বাঢ়ি যায়৷ হেপাটাইটিছ-বি বা হেপাটাইটিছ-চিৰ দৰে মাৰাত্মক ৰোগৰ সহজে সংক্ৰমণ তথা লিভাৰ কেঞ্চাৰৰ দৰে ৰোগৰ সম্ভাৱনা থাকে৷ এইচ পি ভি সংক্ৰমণৰ জৰিয়তে মুখ, মলদ্বাৰ, প্ৰষ্টেট, পেনাইল তথা ছাৰ্ভিকেল কেঞ্চাৰৰ আশংকা থাকে৷ একাধিক ব্যক্তিৰ লগত যৌন মিলনত লিপ্ত হ’লে এইচ আই ভিৰ সংক্ৰমণৰ আশংকা বাঢ়ি যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here