বিজ্ঞানীৰ মহাসাগৰৰ তলতবৃহৎ পৰিৱৰ্তনৰ আশংকা

0
42


আটলাণ্টিক মহাসাগৰৰ পানীৰ তলত ঘটি থকা ঘটনাই বিজ্ঞানীসকলৰ চিন্তিত কৰি তুলিছে৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি মহাসাগৰৰ তলত অচিৰেই এক বৃহৎ পৰিৱৰ্তনৰ আশংকা কৰা হৈছে৷ ইয়াৰ ফলত আটলাণ্টিক মহাসাগৰৰ নক্সাই সলনি হৈ পৰিব পাৰে৷ আনহাতে মহাসাগৰখনৰ তলত এক বিচ্যুতিৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে৷ এই প্ৰক্ৰিয়া অচিৰেই আৰম্ভ হোৱাৰ সন্দেহ কৰা হৈছে৷ উল্লেখ্য যে পৃথিৱীৰ ভূগৰ্ভত থকা বিশাল টেকট’নিক প্লেটৰ এখন যদি আনখনৰ সৈতে মিলি যায় বা এখন প্লেট আন এখনৰ তললৈ বা ওপৰলৈ উঠি যায়, তেতিয়া বিচ্যুতিৰ সৃষ্টি হয়৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি জিব্ৰাল্টাৰ প্ৰণালীৰ তলত এই বিচ্যুতিৰ সৃষ্টি হ’ব পাৰে৷ উল্লেখ্য যে ভূগৰ্ভত থকা বিশাল আকাৰৰ প্লেটবোৰৰ সামান্য স্থান পৰিৱৰ্তনে উপৰিভাগত প্ৰলয়ংকৰী ভূমিকম্পৰ সৃষ্টি কৰিব পাৰে অথবা জ্বালামুখীৰ উদ্‌গিৰণ ঘটাব পাৰে৷ এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি এই প্লেটখন তিনি কোটি বছৰৰ আগৰে পৰা পশ্চিমলৈ গতি কৰি আছিল৷ কিন্তু বিগত ৫০ লাখ বছৰত এই প্লেটখন লৰচৰ কৰা নাছিল৷ সেয়ে বিজ্ঞানীসকলে ইয়াক সুপ্ত বুলি ধৰি লৈছিল৷ গৱেষকসকলে এই বিচ্যুতিৰ প্ৰক্ৰিয়াৰ ইতিহাস আৰু ভৱিষ্যতৰ বিষয়ে জনাৰ কাৰণে কম্পিউটাৰৰ জৰিয়তে বিশ্লেষণ কৰিছিল৷ ইয়াৰ পৰা তেওঁলোকে জানিব পাৰিছিল যে এই প্লেটখন আনখনৰ সৈতে মিলি যোৱাৰ প্ৰক্ৰিয়াটো যথেষ্ট লেহেমীয়া গতিত চলি আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here