শৰীৰৰ এইবোৰ সমস্যাথাকিলে দৈ বিষৰ সমান

0
191


দৈ শৰীৰৰ বাবে উপকাৰী৷ আনহাতে দৈ এবিধ অন্যতম জনপ্ৰিয় ভাৰতীয় খাদ্য হিচাপে বিবেচিত হয়৷ ইয়াত কেলচিয়াম, ভিটামিন-বি২, ভিটামিন-বি১২, পটাচিয়াম, মেগনেচিয়াম আদি পোৱা যায়৷ দৈ থাকে প্ৰ’ বায়’টিক উপাদান৷ লীভাৰ সুস্থ ৰখাৰ বাবে দৈ খোৱা ভাল৷ দৈয়ে শৰীৰক ডিটক্সিফাই কৰে৷ যাৰ ফলত শৰীৰৰ পৰা ক্ষতিকাৰক টক্সিন বাহিৰ কৰি দিয়ে দৈয়ে৷ হজম শক্তি বৃদ্ধিত দৈ যথেষ্ট অৱদান আছে৷ দৈৰ ইয়ানবোৰ উপকাৰিতা সত্ত্বেও কিছু শাৰীৰিক সমস্যাৰ বাবে দৈ অত্যন্ত ক্ষতিকাৰক৷ কি কি সমস্যা থাকিলে দৈ খাব নালাগে জানো আহক৷
অজানিতে দৈৰ সৈতে কিছুমান খাদ্য খালে পেট তথা ছালৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ হজমৰ বাবে দৈ ভাল যদিও প্ৰতিদিনে দৈ খালে হজমৰ নানা সমস্যাই দেখা দিব পাৰে৷ অতিৰিক্ত দৈ খালে পৰিপাকতন্ত্ৰ দুৰ্বল কৰি দিয়ে৷ ফলত কোষ্ঠকাঠিন্যৰ দৰে সমস্যাই দেখা দিব পাৰে৷
গাঁঠিৰ বিষ বা অন্যধৰণৰ বিষ থাকিলে দৈ খোৱা উচিত নহয়৷ এইধৰণৰ সমস্যা থকা লোকে দৈ খালে বিষজনিত অসুখ বাঢ়ি যাব পাৰে৷
হাঁপানি ৰোগীসকলে দৈ খোৱাটো একেবাৰে অনুচিত৷ দৈ খোৱাৰ ফলত ৰোগে গুৰুতৰ ৰূপ ল’ব পাৰে৷
গেছ, এচিডিটিৰ সমস্যা থাকিলে দৈ খোৱাৰ পৰা বিৰত থাকক৷ শৰীৰৰ গেছ, এচিডিটি দৈ খোৱাৰ ফলত বাঢ়ি সমস্যাৰ সৃষ্টি কৰিব পাৰে৷
যিসকলৰ একজিমা, ছালৰ ইনফেকশ্যন, ব্ৰুনৰ সমস্যা আছে, তেওঁলোকে দৈ খোৱাৰ পৰা আঁতৰত থাকক৷ দৈ খোলাৰ ফলত এইধৰণৰ সমস্যা বাঢ়ি যোৱাৰ সম্ভাৱনা বেছি থাকে৷
মহিলাসকলৰ ক্ষেত্ৰত বগাস্ৰাৱৰ সমস্যা থাকিলে দৈ এৰাই চলক৷ মহিলাসকলৰ আন ৰোগৰ ক্ষেত্ৰতো দৈ অপকাৰ কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here