বিমানৰ পৰা পেলাই দিলে সন্তানক!কাৰণ জানিলে অবাক হ’ব আপুনি

0
239


দৃশ্যটো দেখি বিশ্বাস কৰিব পৰা নাছিল বিমান বন্দৰৰ কৰ্মীয়ে৷ এক দম্পতীয়ে বিমান বন্দৰত বিমান এৰাৰ অলপ আগতে উপস্থিত হৈছিল৷ তেওঁলোকৰ লগত এটি শিশুও আছিল৷ শিশুটিৰ বাবে তেওঁলোকৰ হাতত কোনো টিকট নাছিল৷ স্বাভাৱিকভাৱে তেওঁলোকে জনালে হ’লহয় যে শিশুটিৰ বাবে এটা অতিৰিক্ত টিকট তেওঁলোকে ক্ৰয় কৰিব৷ বিমান কৰ্মীয়ে টিকট বিচৰাত তেওঁলোকে শিশুটিৰ কাৰণে টিকট কাটিবলৈ ৰাজি নহয়৷ ওলোটাকৈ দেখা যায় যে বিমান বন্দৰৰ চেক ইন ডেস্কত ৰাখি তেওঁলোকে বিমান উদ্দেশ্যে ৰাওনা হয়৷ তেওঁলোকে একপ্ৰকাৰ বিমানৰ পৰা পেলাই দিয়াৰ দৰে ঘটনা সংঘটিত হয়৷ এই আজব ঘটনা ঘটে ইজৰাইলৰ তেল আভিভ বেন গুৰিয়ন বিমান বন্দৰত৷ ইজৰাইলৰ স্থানীয় সংবাদ মতে বেলজিয়ামৰ পাছপ’ৰ্ট নি তেল আভিভৰ পৰা ব্ৰাছেলছ অভিমুখে গেছিল এই দম্পতীয়ে৷ বিমান বন্দৰৰ কৰ্মীয়ে জনোৱা মতে সন্তানৰ বাবে অতিৰিক্ত টিকট লাগিব বুলি জনাৰ পাছতে তেওঁলোকে এই অমানৱীয় কৰ্ম সংঘটিত কৰে৷ আন এজন বিমান কৰ্মীয়ে জনায় যে বিমান বন্দৰত বহু পলমকৈ অহা দম্পতীহালে বেছ মানসিক চাপত আছিল৷ তেওঁলোকৰ লক্ষ্য আছিল যিকোনো প্ৰকাৰে বিমানখনত উঠাটো৷ কিন্তু শিশুৰ আসন সংৰক্ষণৰ কাৰণে টিকট কটাৰ কথাটো জনাৰ পাছতে সন্তানটোক তাতে থৈ যায়৷ অৱশ্যে ইয়াৰ পাছতে বিমান বন্দৰ কৰ্তৃপক্ষই পুলিচক বিষয়টো অৱগত কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here