প্ৰদূষণ নিয়ন্ত্ৰণৰ পদক্ষেপ ছাইলেণ্ট জ’ন ঘোষণা : ক’ত?

0
195

দিনক দিনে বাঢ়ি অহা প্ৰদূষণে সমগ্ৰ বিশ্বৰে পৰিৱেশ কলুষিত কৰি তুলিছে৷ সেয়ে বিভিন্ন ৰাজ্যৰ চৰকাৰ তথা প্ৰশাসনে প্ৰদূষণ ৰোধৰ বাবে বিভিন্ন পন্থা অৱলম্বন কৰি আহিছে৷ ইয়াৰ অংশ হিচাপে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এইবাৰ জম্মু কাশ্মীৰ চৰকাৰেও ব্যৱস্থা গ্ৰহণ কৰিছে৷ শেহতীয়াভাৱে প্ৰকাশিত বাতৰি মতে লাডাখ প্ৰদূষণ নিয়ন্ত্ৰণ সমিতি চমুকৈ এল পি চি চি-এ এই অঞ্চলত অৱস্থিত চিকিৎসালয়, আদালত আৰু বিদ্যালয়ৰ পৰা ১০০ মিটাৰ অঞ্চল দূৰত্বক লৈ ছাইলেণ্ট জ’ন অৰ্থাৎ নিস্তব্ধতা মণ্ডল হিচাপে ঘোষণা কৰিছে৷ লাডাখ প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে জনোৱা মতে এতিয়াৰে পৰা ইয়াৰ অন্তৰ্গত বিদ্যালয়, আদালত বা চিকিৎসালয়ৰ পৰা ১০০ মিটাৰ দূৰত্বলৈকে কোনো ধৰণৰ উচ্ছ প্ৰাবল্যৰ শব্দ, লাউডস্পীকাৰৰ ব্যৱহাৰ, হৰ্ন, আতচবাজী, ফটকা আদি ফুটোৱা সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে৷ কোনোবাই এই নিয়ম ভংগ কৰিলে ইয়াৰ বিৰnদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সদৰী কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here