শোওঁতে কেতিয়াবা বিছনাৰ পৰা পৰি যোৱাৰ দৰে হয় নেকি ?

0
326

ৰাতি শুই থকাৰ সময়ত কেতিয়াবা হঠাতে আপোনাৰ বিছনাৰ পৰা পৰি যোৱাৰ দৰে অনুভৱ হয়৷ নিদ্ৰামগ্ন অৱস্থাত এনে অৱস্থাত নিজকে চম্ভালাটো কঠিন হৈ পৰে আৰু শৰীৰত এটা জোকাৰণিৰ সৃষ্টি হয়৷ হয়তো ভাব হয় কিবা বেয়া সপোন দেখা বুলি৷ 
পাছত হয়তো গম পায় যে এয়া বাস্তৱহে আছিল৷ তাৰ পাছত আৰু টোপনি ভাঙি যায়৷ এনে ঘটনা নি(য় আপোনাৰ ক্ষেত্ৰতো নঘটা নহয়৷ ইয়াৰ লৈ বিভিন্ন সময়ত কৌতূহলো নোহোৱা নহয়৷ 
টোপনিৰ মাজতে কিয় এনে অদ্ভুত ঘটনা সংঘটিত হয়, সেয়া আপোনাৰ জনাৰ প্ৰয়োজন৷ বিশেষজ্ঞসকলে এই পৰিঘটনা বা জোকাৰণিক ‘হিপনিক জাৰ্ক’ বুলি কয়৷ 
বিশেষজ্ঞই ধাৰণা কৰি পোৱা মতে এই হিপনিক জাৰ্কৰ সৈতে কিছু বাহ্যিক কাৰক জড়িত হৈ থাকে৷ অত্যধিক মদ্যপান, কেফেইনৰ কাৰণে এই ধৰণৰ অস্বাভাৱিক ঘটনা ঘটে৷ 
সেয়ে গৱেষকসকলে পৰামৰ্শ দিছে যে শুবলৈ যোৱাৰ কেইঘণ্টামান আগত কেফিনেটেড জাতীয় ড্ৰিংক নোখোৱা ভাল৷ আনহাতে অ্যাডেৰাল বা ৰিটালিন জাতীয় ঔষধৰ পাশ্বৰ্ক্ৰিয়াৰ ফলতো শোৱাৰ সময়ত এনে হ’ব পাৰে৷ 
হিপনিক জাৰ্ক সাধাৰণতে শোৱাৰ মাজতে ঘটে৷ অত্যধিক কামৰ বোজাত শৰীৰ যেতিয়া অৱশ, ক্লান্তি অনুভৱ কৰি ভাগৰি পৰে, মগজু যেতিয়া জিৰণিৰ তাগিদা আৰম্ভ কৰে, শৰীৰ অচল হৈ পৰে৷ তেওঁলোকে দিয়া ব্যাখ্যা মতে হঠাতে কোনো ৰায়ায়নিক বিস্ফোৰণৰ শব্দ বা ডাঙৰ শব্দৰ মাত্ৰা বাঢ়ি গ’লে শৰীৰত জোকাৰণি অনুভৱ হয়৷ হঠাতে হোৱা বাবে তেনে সময়ত মগজুৱে একো বুজি নাপায় দেহলৈ কোনো সংকেত প্ৰেৰণ নকৰে৷
কিন্তু সেই সময়ত মগজুৱে নিজৰ মতে ব্যাখ্যা কৰি তৎক্ষণাৎ টোপনিৰ পৰা সাৰ পোৱাবলৈ চেষ্টা কৰে৷ সেয়ে হঠাতে টোপনিৰ সাৰ পোৱা বাবে মানুহজনে পৰি যোৱা যেন অনুভৱ কৰে৷ এই প্ৰক্ৰিয়াটোৱে হৈছে হিপনিক জাৰ্ক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here