ৰ’বটিক অস্ত্ৰোপচাৰৰ সহায়ত আঁঠু বদলিকৰণ : ক’ত ?

0
929

আথ্ৰাইটিছ সম্পূৰ্ণৰূপে নিৰাময় নহ’বও পাৰে কিন্তু নতুন চিকিৎসা পদ্ধতিয়ে দীৰ্ঘস্থায়ীভাৱে বিষ নিৰাময় কৰাত সুফল প্ৰদান কৰিছে৷ আথ্ৰাইটিছৰ বাবে যিসকল ৰোগীয়ে বেছি আঁঠুৰ বিষত ভুগি আছে, তেওঁলোকৰ বাবে ৰ’বটৰ সহায়ত কৰা আঁঠুৰ বদলিকৰণে কম সময়ত বিষ নিৰাময়ত দীৰ্ঘম্যাদী সহায় কৰে৷ এই কথা সদৰী কৰে চেন্নাইস্থিত এপ’ল’ হস্পিটেলৰ জ্যেষ্ঠ অৰ্থ’পেডিক ছাৰ্জন ডাঃ মদন মোহন ৰেড্ডীয়ে৷ 
পৰম্পৰাগত আঁঠু বদলিকৰণ অস্ত্ৰোপচাৰৰ কৃতকাৰ্যতাৰ হাৰ যদিও ৯০-৯৫ শতাংশ, ৰ’বটিক অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত এই হাৰ ১০০ শতাংশ৷ যদিহে আপুনি সম্পূৰ্ণ আঁঠু বদলিকৰণৰ (TKR) প্ৰয়োজনীয়তা থকা ৰোগী, তেনেহ’লে আপোনাৰ শাৰীৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথমে কিছু কম ব্যয়যুক্ত চিকিৎসা প্ৰদান কৰা হ’ব৷ 
জীৱন শৈলীৰ পৰিৱৰ্তন যেনে– ওজন কমোৱা, ব্যায়াম ইত্যাদি, জোৰাত দিয়া ইনজেকচন, শাৰীৰিক চিকিৎসা আৰু আঁঠুৰ ব্যায়াম৷ যদিহে ৰোগী এই উপৰিউক্ত চিকিৎসাৰ পৰা উপকৃত নহয় তেনেহ’লে ৰোগীৰ সমস্যাৰ একমাত্ৰ সমাধান সম্পূৰ্ণ আঁঠু বদলিকৰণ৷
 ৰ’বটিক আঁঠু বদলিকৰণৰ ক্ষেত্ৰত সাধাৰণতে ৰ’বটিক হাতৰ দ্বাৰা কৰা এই অস্ত্ৰোপচাৰ ছাৰ্জনেহে নিয়ন্ত্ৰণ কৰে৷ প্ৰযুক্তিৰ দ্বাৰা এই পদ্ধতি অন্য ধৰণেও কৰা হয়৷ ছাৰ্জাৰীৰ আগত ৰোগীৰ আঁঠুৰ ৩-ডি মডেলৰ চিটি স্কেন কৰা হয়৷ 
এনে পদ্ধতিৰ দ্বাৰা ছাৰ্জনে সংস্থাপন কৰিবলগীয়া কৃত্ৰিম আঁঠু নিৰ্দিষ্ট স্থানত বহুৱাবলৈ সক্ষম হয়৷ অপাৰেশ্যনৰ সময়ত ছাৰ্জনে আগতে নিৰ্দিষ্ট ঠাই উলিয়াব পৰাকৈ ৰ’বটিক হাতে ৩-ডি মডেলৰ পৰা ডাটা আহৰণ কৰে যাতে চৌপাশে থকা কলাসমূহৰ কোনো ক্ষতি নহয়৷ 
সচৰাচৰ হোৱা সম্পূৰ্ণ আঁঠু বদলিকৰণ (TKR)ত ৰোগীক সম্পূৰ্ণ সুস্থ হ’বলৈ দুসপ্তাহ সময় লাগে৷ কিন্তু ৰ’বটিক আঁঠু বদলিকৰণ (rTKR) পদ্ধতিয়ে এই সময় কমাবলৈ সক্ষম হ’ব৷ 
এই পদ্ধতিৰ দ্বাৰা ডাঙৰ অপাৰেশ্যনৰ লগত জড়িত হৈ থকা সৰু সৰু বিসংগতি যেনে হাড়, মিহি কলা আৰু শৰীৰৰ সাধাৰণ ক্ৰিয়াসমূহ সুচল হৈ থকাৰ উপৰি ৰোগীক একে দিনাই ঘৰলৈ যাব দিয়া হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here