কেঁচা বুটে কিদৰে উপকাৰ কৰিব পাৰে

0
567

শীতেই হওক অথবা গ্ৰীষ্ম বহুতেই পুৱাই ৰাতি তিয়াই থোৱা বুট খোৱা দেখিবলৈ পোৱা যায়৷ কেঁচা বুটৰ উপকাৰৰ বিষয়ে সকলোৰে জ্ঞাত৷ কেঁচা বুত খালে উচ্ছ মাত্ৰাত প্ৰ’টিন পোৱা যায়৷ বুট উচ্ছ প্ৰ’টিনেৰে সমৃদ্ধ হেতু স্বাস্থ্যৰ পক্ষে খুব উপকাৰী৷ বুট সাধাৰণতে দুই ধৰণৰ থাকে৷ এবিধ বাকলি থকা আৰু আনবিধ বাকলি নথকা৷ বাকলি থকািবধ স্বাস্থ্যৰ পক্ষে বেছি উপকাৰী৷ বিশেষকৈ, বাকলি থকা বুট তিয়াই থৈ কেঁচাই খালে স্বাস্থ্যৰ বাবে ভাল৷ ইয়াত ভিটামিন, ফাইবাৰ আৰু প্ৰ’টিন এই তিনিওবিধ উপাদান যথেষ্ট পৰিমাণে পোৱা যায়৷ বুটত ফেটৰ পৰিমাণ কম থাকে৷ যাৰ ফলত শৰীৰৰ ওজন কমোৱাৰ লগতে পেশী সুস্থ-সুষম কৰি ৰাখিবলৈ কেঁচা বুট খোৱাটো দৰকাৰী৷ ইয়াৰ উপৰি শৰীৰৰ কলেষ্টৰেল আৰু উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ নিয়মিতৰূপে কেঁচা বুট খাব পাৰে৷ হূদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ লগতে শৰীৰৰ অভ্যন্তৰ মজবুত আৰু শক্তিশালী কৰি ৰাখিবলৈ পুৱা নিয়মিতভাৱে তিয়াই থোৱা কেঁচা বুট খোৱাৰ অভ্যাস কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here