শুনিবলৈ আচৰিত : বিশ্বত প্ৰথমবাৰৰ বাবে ‘ৰবট অধিবক্তা’

0
130


বেছিভাগ মানুহৰ বাবে আদালতত তেওঁলোকৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তা নিয়োগ কৰাটো এক খৰচী কাম৷ কিন্তু প্ৰতিনিধিত্ব কৰিব পৰা যদি কৃত্ৰিম বুদ্ধিমত্তা [এ আই] থকা ৰবট অধিবক্তা থাকে৷ কথাটো শুনিবলৈ আচৰিত৷ কিন্তু অহা মাহত আমেৰিকা যুক্তৰাষ্ট্ৰত এনে ঘটনা ঘটিবলৈও গৈ আছে৷ [ডিফেণ্ডেণ্ট] ডুনটপে’ কোম্পানীয়ে সৃষ্টি কৰা কৃত্ৰিম বুদ্ধিমত্তাৰ ৰবটে ফেব্ৰুৱাৰী মাহত আদালতত এটা গোচৰৰ পদকীয়াক পৰামৰ্শ দিব৷ ই হ’ব বিশ্বত আদালতত এটা পক্ষৰ হৈ ৰবটে প্ৰতিনিধিত্ব কৰা প্ৰথম ঘটনা৷ ‘নিউ ছায়েণ্টিষ্ট’ৰ মতে এই এ আই কাৰ্যক্ষম হৈ থাকিব স্মাৰ্টফ’নত৷ ই আদালতৰ কাৰ্যবিৱৰণী শুনিব আৰু কি ক’ব লাগে সেয়া পদকীয়াক এয়াৰফ’নৰ যোগেদি জনাব৷ অৱশ্যে এই কৃত্ৰিম বুদ্ধিমত্তা বা এ আইৰ স্ৰষ্টা ডুনটপে’-এ আদালতৰ স্থান অথবা পদকীয়াৰ নাম জনোৱা নাই৷ উল্লেখ্য যে ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানী জশ্বুৱা ব্ৰাউডাৰে ২০১৫ চনত কেলিফৰ্নিয়াত ডুনটপে’ প্ৰতিষ্ঠা কৰিছিল৷ পদকীয়াৰ ধন ৰাহি কৰিবলৈ, তেওঁৰ এপ-এ অধিবক্তাৰ সম্পূৰ্ণ কাম কৰাটো তেওঁ বিচাৰে৷ কোম্পানীটোৱে দাবী কৰে যে ‘ডুনটপে’ এপ হৈছে বিশ্বৰ প্ৰথম ৰবট অধিবক্তাৰ ঘৰ৷ এটা বুটামৰ টিপতে ই কোম্পানীৰ বিৰুদ্ধে যুঁজ দিব, আমোলাতন্ত্ৰক হৰুৱাব আৰু যিকোনো লোকৰ বিৰুদ্ধে গোচৰ তৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here