অসম চৰকাৰৰ হৃদৰোগীক উৎকৃষ্টমানৰ চিকিৎসা প্ৰদানৰ বিশেষ উদ্যোগ

0
269


ৰাজ্যৰ হৃদৰোগীসকললৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে৷ অসমৰ হৃদৰোগীৰ উৎকৃষ্ট মানৰ স্বাস্থ্য সেৱা সহজলভ্য কৰাৰ বাবে অসম চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে৷ ৰাজ্যৰ দৰিদ্ৰ লোকে এতিয়াৰ পৰা গুজৰাটত বিনামূলীয়া হৃদৰোগৰ চিকিৎসা লাভ কৰিব৷ চৰকাৰে ১০০০ দৰিদ্ৰ লোকক গুজৰাটত বিনামূলীয়া হৃদৰোগৰ চিকিৎসা প্ৰদানৰ বাবে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু গুজৰাটৰ ৰাজকোটস্থিত প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ [পি এম এছ আৰ এফ] মাজত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেশ্যন, ৰাজকোটৰ মাজত হোৱা এই বুজাবুজি চুক্তিৰ জৰিয়তে ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ ৫০০ শিশু আৰু ৫০০ প্ৰাপ্তবয়স্ক হৃদৰোগীৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ’ব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী মনোজ ভিমানীৰ উপস্থিতিত স্বাক্ষৰিত হয় এই চুক্তি৷ এই চুক্তিৰ ম্যাদ দুবছৰ ধাৰ্য কৰা হৈছে৷ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত যথেষ্ট হৃদৰোগী আছে৷ চৰকাৰে ১০০০ দৰিদ্ৰ শিশু আৰু প্ৰাপ্তবয়স্ক লোকক সম্পূৰ্ণ বিনামূলীয়াকৈ গুজৰাটত চিকিৎসা আগবঢ়োৱা হ’ব৷ অসম চৰকাৰে পূৰ্ৱে নাৰায়ণা হৃদয়ালয়ৰ সৈতে কৰা চুক্তি অনুসৰি ৰাজ্যৰ প্ৰায় ৯৭০০ হৃদৰোগীৰ বিনামূলীয়া চিকিৎসা কৰা বুলিও মুখ্যমন্ত্ৰীয়ে জনায়৷ সম্পাদিত হোৱা চুক্তি অনুসৰি দৰিদ্ৰ লোকে তাত হৃদৰোগৰ চিকিৎসা কৰিব পাৰিব৷ অসম চৰকাৰে ৰোগীসকলৰ লগতে অভিভাৱকৰ অহা-যোৱা, থকা-খোৱাৰ সকলো খৰচ বহন কৰিব বুলিও তেওঁ উল্লেখ কৰে৷ আনহাতে চৰকাৰৰ এই সুবিধা লাভৰ বাবে ৰাজ্যৰ আটাইকেইখন চিকিৎসা মহাবিদ্যালয়ত ৰোগী বাছনিৰ বাবে স্ক্ৰীনিং শিবিৰ অনুষ্ঠিত হ’ব৷ তাৰ পূৰ্বে হৃদৰোগীসকলে এই শিবিৰত নাম পঞ্জীয়ন কৰিব লাগিব৷ এখন বিশেষজ্ঞ চিকিৎসকৰ বাছনী সমিতিয়ে অগ্ৰাধিকাৰ ভিত্তিত এই শিবিৰৰ পৰাই ৰোগী বাছনি কৰিব বুলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here