শীতকালি ছালখনৰ সুৰক্ষাৰ বাবেএইকেইবিধ ছুপাৰ ফুড খাওক

0
926


শীত হ’ল ৰুক্ষ ঋতু৷ বায়ুত আদ্ৰৰ্তাৰ পৰিমাণ কমি যোৱা হেতু শীতকালত ছালখন শুকান আৰু ৰক্ষ হৈ পৰে৷ ছালখন প্ৰাণহীন হৈ পৰে৷ কিছু শাৰীৰিক সমস্যা যেনে, কাহ, চৰ্দি, জ্বৰ প্ৰভাৱ বেছি পৰাৰ সমান্তৰালকৈ এই ঋতুত ছালৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে৷ মুখ, ওঁঠ ফটাৰ লগতে মুখৰ উজ্জ্বলতা, সজীৱতা হেৰাই যায়৷ ইয়াৰ কাৰণ হিচাপে শৰীৰত ভিটামিন আৰু পানীৰ অভাৱ হয়৷ সেয়ে শীতত শৰীৰত পানীৰ ভাৰসাম্য বজাই ৰখাটো জৰুৰী৷ বিভিন্ন গৱেষণাত প্ৰমাণিত হৈছে যে শীতকালত কিছু ফল আৰু পাচলিয়ে ছালখনৰ সুৰক্ষাত অৰিহণা যোগায়৷ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন আৰু তৰল পদাৰ্থ যোগান ধৰে৷ এইবোৰ পাচলিয়ে শৰীৰৰ পৰা ক্ষতিকাৰক পদাৰ্থ বাহিৰ কৰাতো সহায় কৰে৷ তেজ বিশুদ্ধ কৰা তথা ছালখনে প্ৰাকৃতিক আভা পায়৷ কি কি ছুপাৰ ফুডে ছালখনক পুষ্টি যোগায়, জানো আহক৷
গাজৰ এণ্টিঅক্সিডেণ্ট, ভিটামিন-চি, বিটা কেৰ’টিন, বিভিন্ন প্ৰকাৰৰ পুষ্টিকৰ উপাদানেৰে ভৰপূৰ৷ এই উদাপাদবোৰে শৰীৰৰ পৰা টক্সিন বাহিৰ কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে৷ শৰীৰত ক’লাজেন প্ৰস্তুত কৰে৷ ছালৰ শুষ্কতা তথা টনটনি ভাব নাইকিয়া কৰি ছালখনক উজ্জ্বলতা তথা সজীৱতা প্ৰদান কৰে৷ আনহাতে গাজৰে ছালখনক ভিতৰৰ পৰা সুৰক্ষা দিয়ে৷
ভিটামিন-চি, ভিটামিন-এ, ভিটামিন-ই, আদি বিভিন্ন প্ৰয়োজনীয় উপাদানেৰে সেউজীয়া শাক পালেং সমৃদ্ধ৷ আনহাতে পালেং শাকত প্ৰদাহ বিৰোধী উপাদান পোৱা যায়৷ বিশেষজ্ঞই জনোৱা মতে পালেং শাকে ছালৰ অক্সিডেটিভ ষ্ট্ৰেচ, প্ৰদাহ, ভাইৰাছৰ আক্ৰমণ তথা ছালৰ আন আন সমস্যাৰ পৰা সুৰক্ষা দিয়ে৷ ছালৰ বাৰ্ধক্য ৰোধ কৰিবলৈ, ছালৰ শুষ্কতা, মুখত পৰা ক’লা দাগ আদিৰ পৰা মুক্তি পাবলৈ নিয়মিতভাৱে পালেং শাক খাওক৷
বেদনাত এণ্টিমাইক্ৰ’বিয়েল উপাদান থাকে৷ যাৰ ফলত ছালখনৰ লগতে দেহক বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে৷ নিয়মিতভাৱে বেদনা বা ডালিম খালে ব্ৰুণৰ সমস্যা দূৰ হয়৷ ছালৰ জ্বলন তথা তৈলাক্ত ভাব ধৰি ৰাখিবলৈ বেদনা খাব পাৰে৷
কমলা টেঙা এণ্টিঅক্সিডেণ্টৰ ভাণ্ডাৰ৷ কমলাত থকা ভিটামিন-চি ছালৰ সু¸স্বাস্থ্যৰ বাবে বিস্ময়কৰভাৱে ফলপ্ৰদ কমলাই মুখৰ সৌন্দৰ্য ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ছালৰ শুষ্কতা, ৰুক্ষতা দূৰ কৰি ছালখন উজ্জ্বল, কোমল কৰি তোলে৷
মধুৰিআম ভিটামিন-এ, ভিটামিন-চি, বিটা কেৰ’টিন, লাইকোপিনৰ দুৰ্দান্ত উৎস৷ এইবোৰ উপাদানে ছালৰ ক’লাজেন তৈয়াৰ কৰাত সহায় কৰে৷ সেয়ে ছালৰ শুষ্কতা, টানটান ভাব নোহোৱা কৰে ছালখন স্বাভাৱিক কৰি ৰাখে৷ ছালৰ বাৰ্ধত্যৰ চাপৰ প্ৰক্ৰিয়াত বিলম্ব কৰি ছালখন সতেজ, নমনীয় কৰি ৰাখে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here