শীতকালত গোৰোহা নাফাটিবলৈ ঘৰুৱাভাৱে কিদৰে যত্ন ল’ব ?

0
892


শীতকালত হোৱা এটা প্ৰধান সমস্যা হৈছে গোৰোহা ফটা৷ গোৰোহা ফটাটো কেতিয়াবা বৰ কষ্টদায়ক হৈ পৰে৷ বহু সময়ত গোৰোহা ফটা লোকে পৰিস্থিতিত পৰি লজ্জাবোধ কৰাও দেখা যায়৷ বিশেষকৈ, মহিলাসকলৰ ক্ষেত্ৰত গোৰোহা ফটা সমস্যাটো বৰ অস্বস্তিদায়ক লগতে কেতিয়াবা আত্মসন্মানতো আঘাত হােন৷ কেতিয়াবা গোৰোহা ফটা ৰোগ ইমান ভয়াৱহ হয় যে ফাটবোৰৰ মাজেদি ৰক্তক্ষৰণ হৈ খোজ কঢ়াত ব্যাঘাত জন্মায়৷ সাধাৰণতে গোৰোহা ফটাৰ কাৰণবোৰ বিশে¡ষণ কৰিলে দেখা যায় যে আদ্ৰৰ্তাহীনতা বা পুষ্টিহীনতা, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ, শৰীৰৰ ওজন বৃদ্ধি, জোতা বা ছেণ্ডেলৰ বাবেও গোৰোহা ফাটিব পাৰে৷ ইয়াৰ প্ৰতিকাৰৰ উপায় হিচাপে এটা চৰিয়াত কুহুমীয়া গৰম পানী লৈ তাত দুচামুচ নিমখ আৰু অলপ ছেম্পু মিহলাই ভৰিখন দহ মিনিট সময় জুবুৰিয়াই থ’ব লাগে৷ এনে কৰাৰ ফলত গোৰোহাৰ ফাটত সোমাই থকা ধূলি-বালি, জীৱাণু আদি ওলাই পৰে আৰু গোৰোহাৰ ফটা ছালবোৰ কোমল হয়৷ তাৰ পাছত পৰিষ্কাৰ কাপোৰেৰে মচিব লাগে৷ দুই চামুচ মিঠাতেলত এক ইঞ্চি মম মিহলাই গৰম কৰি তৈয়াৰ কৰা মলম কুহুমীয়া অৱস্থাত লগাব লাগে৷ ডেৰ চামুচ ভেচলিনত এচামুচ বৰিক মিহলাই প্ৰস্তুত কৰা মিশ্ৰণ লগালেও সুফল পাব পাৰি৷ মৌ আৰু চালকঁুৱৰীৰ ৰসৰ মিশ্ৰণ লগালেও গোৰোহা ফটা সমস্যা ভাল হয়৷ কেষ্টৰ অইলৰ লগত হালধি গুড়ি ভালকৈ মিহলাই তুলাত লগাই দিনে দুবাৰকৈ লগাব লাগে৷ বিশ মিনিটমান পাছত গোৰোহাটো ভালদৰে ধুই ল’ব লাগে৷ ধূলি-বালিৰ পৰা ৰক্ষা পাবলৈ মোজা পিন্ধি থাকিব লাগে৷ কেঁচা গাখীৰৰ লগত পিঠাগুড়িৰ মিশ্ৰণ অথবা অথবা পকা কল ফেনেকি আক্ৰান্ত অংশত লেপন দি লাহে লাহে ১৫ মিনিটমান মালিচ কৰি তাৰ পাছত পানীৰে ধুই দিব লাগে৷ ৰাতি শোৱাৰ আগতে গোৰোহাত নাৰিকল তেল বা গ্লিচাৰিন সানিব লাগে৷ আনহাতে প্ৰচুৰ পৰিমাণে পানী খোৱাটো আৱশ্যক৷ এনেদৰে বিভিন্ন পদ্ধতি প্ৰয়োগ কৰি আমি শীতকালত গোৰোহাটো ফটাৰ পৰা বচাই ৰাখিব পাৰোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here