অৰ্থনৈতিক নিৰাপত্তাহীনতাত দেশৰ কিমান শতাংশ পৰিয়াল জানেনে ?

0
226

অৰ্থনৈতিকভাৱে শক্তিশালী সাৰ্বিক উন্নয়নৰ দিশত আগবঢ়াৰ লগতে বিত্তীয় সেৱা উদ্যোগে প্ৰসাৰ লাভ কৰা সত্ত্বেও দেশৰ ৬৯ শতাংশ পৰিয়াল বিত্তীয় অৰ্থনৈতিকভাৱে নিৰাপত্তাহীনতা তথা দুৰ্বলতাত ভুগিছে৷ এই তথ্য প্ৰকাশ পাইছে এটা সমীক্ষাৰ প্ৰতিবেদনত৷ অৰ্থনৈতিক বাতৰিৰ ডিজিটেল মঞ্চ ‘মনি নাইন’-এ ব্যক্তিগত বিত্ত বিষয়ত উক্ত সমীক্ষাটো চলাইছিল৷ ইণ্ডিয়ান পাৰ্ছনেল ফাইনেন্স পাল্‌ছ নামৰ এই সমীক্ষাটোত ভাৰতীয় পৰিয়ালৰ আয়, সঞ্চয় আৰু ব্যয়ৰ বিভিন্ন দিশ সম্পৰ্কে তথ্য আহৰণৰ চেষ্টা কৰা হৈছিল৷ এই সমীক্ষাটোক ভিত্তি কৰি দেশৰ পৰিয়ালসমূহৰ আয়, ব্যয় তথা সঞ্চয়ৰ উপায়সমূহ বুজি পোৱাৰ বাবে প্ৰথমবাৰলৈ নাগৰিক বিত্তীয় সুৰক্ষা ৰেংকিং মনি বিত্তীয় সুৰক্ষা সূচকাংকও প্ৰকাশ কৰা হয়৷ এই প্ৰতিবেদনখনৰ পৰা জানিব পৰা মতে, দেশৰ ৪.২জন সদস্যৰ এটা পৰিয়ালৰ গড় আয় হ’ল প্ৰতি মাহে ২৩ হাজাৰ টকা৷ আনহাতে ৪৬ শতাংশতকৈ অধিক পৰিয়ালৰ মাহিলি আয় ১৫ হাজাৰ টকাতকৈও কম৷ ইয়াৰ অৰ্থ হ’ল এই পৰিয়ালসমূহৰ উচ্চ
ভিলাষী তথা নিম্ন আয়ৰ শ্ৰেণীৰ সৈতে সম্পৰ্ক আছে৷ সমীক্ষাটোৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি দেশৰ মাত্ৰ ৩ শতাংশ পৰিয়ালৰহে জীৱন-স্তৰ বিলাসিতাৰে পৰিপূৰ্ণ৷ ইয়াৰ অধিকাংশ পৰিয়াল উচ্চ
শাৰীত পৰে৷ সমীক্ষাটোত পোৱা তথ্য অনুসৰি দেশৰ ৭০ শতাংশ পৰিয়ালে বেংকত জমা, বীমা, ডাকঘৰ সঞ্চয় আৰু সোণৰ ৰূপত বিত্তীয় সঞ্চয় কৰে৷ ইয়াৰ ভিতৰত সকলোতকৈ অধিক গুৰুত্ব দিয়া হয় বেংক আৰু ডাকঘৰক আৰু তাৰ পাছতহে জীৱন বীমা আৰু সোণে স্থান লাভ কৰিছে৷ ভাৰতীয় পৰিয়ালসমূহৰ সঞ্চয়ৰ ৬৪ শতাংশতকৈ অধিক অংশ বেংকৰ একাউণ্টত জমা আছে আৰু মাত্ৰ ১৯ শতাংশ পৰিয়ালেহে বীমাৰ সুৰক্ষা লাভ কৰিছে৷ মে’ৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত চলোৱা এই সমীক্ষাত দেশৰ ২০খন ৰাজ্যৰ ৩১,৫১০টা পৰিয়ালৰ পৰা তথ্য আহৰণ কৰা হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here