ৰাজ্যত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ বেছি

0
463

ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ পুতৌজনক ছবিখন পুনৰবাৰ পৰিস্ফুট হৈছে৷ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা ইউনাইটেড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন চমুকৈ ইউ ডি আই এছৰ প্ৰতিবেদনত সমগ্ৰ দেশৰ লগতে অসমৰো চৰকাৰী শিক্ষা খণ্ডৰ বিভিন্ন দিশ উন্মোচিত হৈছে৷ এই প্ৰতিবেদন অনুসৰি ৰাজ্যত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ বেছি৷ ইউ ডি আই এছৰ সমীক্ষা অনুসৰি প্ৰাথমিক শিক্ষাত আধাতে বিদ্যালয় এৰা ৰাষ্ট্ৰীয় হাৰ হ’ল ৯.৭৫ শতাংশ৷ কিন্তু অসমত এই হাৰ হ’ল ৩.৩০ শতাংশ৷ সেইদৰে মাধ্যমিক শিক্ষাত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ ৰাষ্ট্ৰীয় হাৰ হ’ল ১৪.৬ শতাংশ৷ 
ইয়াৰ পৰিৱৰ্তে ৰাজ্যিক পৰ্যায়ত অসমত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ হ’ল ৩১ শতাংশ৷ মাধ্যমিক শিক্ষাত সমগ্ৰ দেশৰ ভিতৰতেই অসম এইক্ষেত্ৰত প্ৰথম৷ অৰ্থাৎ অসমৰ সৰ্বাধিক ছাত্ৰ-ছাত্ৰীয়ে দশম শ্ৰেণী উত্তীৰ্ণ নোহোৱাকৈয়ে শ্ৰেণীকোঠা এৰিছে৷ অসমৰ পাছতেই মাধ্যমিক শিক্ষাত ত্ৰিপুৰা, মেঘালয় আৰু মধ্য প্ৰদেশৰ আধাতে বিদ্যালয়ৰ এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক৷ ত্ৰিপুৰাত ২৯.৯ শতাংশ, মেঘালয়ত ২৭.৮ শতাংশ আৰু মধ্য প্ৰদেশত ৪.১ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে মাধ্যমিক শিক্ষা সম্পূৰ্ণ অবিহনে বিদ্যালয় এৰে৷ আনহাতে বিগত এটা বছৰৰ ভিতৰত ৰাজ্যত ১,৭০০ প্ৰাথমিক বিদ্যালয় বন্ধ হৈছে৷ বিগত ডেৰ-দুই বছৰৰ ভিতৰত সমগ্ৰ দেশত বন্ধ হৈছে ২০ হাজাৰ বিদ্যালয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here