জানেনে? মানুহৰ পেটত ৫৪ হাজাৰ ভাইৰাছ আছে

0
891
মানুহৰ পেটত প্ৰায় ৫৪ হাজাৰ বিভিন্ন প্ৰজাতিৰ ভাইৰাছ আছে৷ Nature Microbiology নামৰ এখন পত্ৰিকাত প্ৰকাশ পোৱা এখন প্ৰতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে৷ ইয়াত উল্লেখ কৰা অনুসৰি মানুহৰ পেটত জীৱিত অৱস্থাত থকা প্ৰায় ৫৪,১১৮ প্ৰজাতিৰ ভাইৰাছক চিনাক্ত কৰা হৈছে৷ ইয়াৰে ৯২% পূৰ্বতে অজ্ঞাত আছিল৷ কেলিফ’ৰ্নিয়াৰ জইণ্ট জিনম ইন্‌ষ্টিটিউট আৰু ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই কথা প্ৰকাশ কৰিছে৷ তেওঁলোকৰ মতে,ইয়াৰে অধিকাংশ প্ৰজাতিয়ে পেটত থকা বেক্টেৰিয়াবিলাক খায় যদিও মানুহৰ কোষবোৰত আক্ৰমণ নকৰে৷ উল্লেখ্য যে ভাইৰাছ বুলি ক’লে মানুহে কৰ’নাৰ দৰে মানুহৰ বাবে বিপজ্জনক সূক্ষ্ম জীৱৰ কথাহে মনলৈ আহে, কিন্তু আমাৰ পেটত থকা এই সূক্ষ্ম জীৱবোৰ আমাৰ কাৰণে ভালহে৷ এই সূক্ষ্ম জীৱই খাদ্য হজম হোৱাত সহায় কৰাৰ লগতে আন গুৰুত্বপূৰ্ণ ভূমিকাও পালন কৰে৷ আমাৰ শৰীৰৰ অপকাৰ কৰিব পৰা ৰোগৰ বেক্টেৰিয়াৰ পৰা আমাক ৰক্ষা কৰে৷ ইয়াৰ লগতে আমাৰ মানসিক স্বাস্থ্য অটুট ৰখাতো সহায় কৰে বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে৷ সিহঁতে সৰু অৱস্থাত আমাৰ শৰীৰৰ প্ৰতিৰক্ষা প্ৰণালী শক্তিশালী কৰি ৰাখে আৰু প্ৰাপ্তবয়স্ক হোৱাৰ পাছত প্ৰতিৰক্ষা প্ৰণালী নিয়ন্ত্ৰণ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷  ইয়াৰে ৭০% প্ৰজাতি গৱেষণাগাৰত বিকাশ কৰা হোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here