মহানগৰীত সান্ধ্য আইনলৈ অংগুষ্ঠ জনতাৰ

0
1445
ৰাজ্যত কৰ’নাৰ সংক্ৰমণ তুলনামূলকভাৱে বিগত মাহৰ শেষৰ ফালে কিছু পৰিমাণে হ্ৰাস পাইছিল৷ তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে শিথিল কৰিছিল কভিড নীতি-নিৰ্দেশনা৷ আনহাতে সংক্ৰমণৰ হাৰ কম হোৱা জিলাবোৰত কভিড বিধি যথেষ্ট শিথিল কৰি এটা স্বাভাৱিক অৱস্থাৰ দিশে গতি কৰিছিল৷ কিন্তু যোৱা কেইদিনমান কভিডে পুনৰ ভয়াৱহ ৰূপ লোৱা পৰিলক্ষিত হয়৷ সংক্ৰমণ হাৰ পুনৰ বৃদ্ধি পাবলৈ ধৰে জিলাবোৰত, বিশেষকৈ কামৰূপ মহানগৰত কভিডে পুনৰ ঠন ধৰি উঠে আৰু হঠাতে পজিটিভিটিৰ হাৰ বৃদ্ধি পাবলৈ লয়৷ গুৱাহাটীত পুনৰ কৰ’নাৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পায়৷ যোৱা এসপ্তাহত মহানগৰখনত নতুনকৈ ১২৪৩জন লোক আক্ৰান্ত হয়৷ এনেদৰে হঠাতে অস্বাভাৱিকভাৱে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যাই অশনি সংকেত কঢ়িয়াই আনিছে৷ মূলতঃ একাংশ অবিবেচকী লোকৰ বাবে দৈনিক বাঢ়িবলৈ লৈছে আক্ৰান্তৰ সংখ্যা৷ মহানগৰীত বৰ্তমানো সন্ধিয়া ৫ বজাৰ পৰা সান্ধ্য আইন জাৰি আছে যদিও সান্ধ্য ভ্ৰমণৰ অজুহাত দেখুৱাই বহুতেই সান্ধ্য আইন ভংগ কৰি আহিছে৷ আনহাতে এই সময়ছোৱাত ৰাজপথেৰে দুচকীয়া, চাৰিচকীয়া বাহনৰ চলাচল স্বাভাৱিক হৈয়ে আছে৷ ইয়াৰ উপৰি একাংশ লোকে অনাহকতে অনাই-বনাই স্বাভাৱিকভাৱে নানা কামৰ অজুহাত দেখুৱাই ঘূৰি ফুৰাও পৰিলক্ষিত হৈছে৷ আনহাতে মহানগৰৰ হাত-বজাৰৰ কথাতো ক’বই নালাগে৷ কোনোধৰণৰ সামাজিক দূৰত্ব, মুখত মাস্ক অবিহনে ইজনে সিজনত গাত গা লগাই বজাৰ কৰা পৰিলক্ষিত হৈছে৷ এচামে দিনে-নিশাই মূল ৰাজপথত, বা অলিয়ে-গলিয়ে চাইকেল চলোৱাৰ প্ৰতিযোগিতাত নামি পৰিছে৷ আন এচামে সন্ধিয়া হ’লেই ওলাই আহিছে জাকে জাকে পুৰুষ-মহিলাৰ প্ৰাতঃভ্ৰমণকাৰীৰ দল৷ মুঠতে, প্ৰতিটো মুহূৰ্ততে মহানাগৰিকে ভংগ কৰিছে কভিড প্ৰট’কল৷ যাৰ ফলত কভিড সংক্ৰমণ হ্ৰাস হৈও পুনৰ বিগত কিছুদিনৰ পৰা কভিড সংক্ৰমণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ আৰক্ষীৰ সন্মুখতে এনেদৰে নাগৰিকে কভিড বিধি ভংগ কৰা পৰিলক্ষিত হৈছে৷ সেয়ে সময় থাকোঁতে আৰক্ষী আৰু অধিক কঠোৰ হৈ কভিড আইন ভংগকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰক৷ অন্যথা এচাম অবিবেচকী লোকৰ ভুলৰ পৰিণাম ভোগ কৰিব লাগিব সৰ্বসাধাৰণ ৰাইজে৷ শেহতীয়াভাৱে মহানগৰ আৰক্ষীয়ে সান্ধ্য ভ্ৰমণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে৷ মহানগৰীত এ ডি চিৰ নেতৃত্বত এটা টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে আৰু এতিয়াৰে পৰা  এই টাস্ক ফ’ৰ্চে কৰিব ছাডেন ভিজিট৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here