যৌন মিলনৰ পাছত প্ৰেগনেন্সি নহ’বলৈ এই ফল খাব পাৰে

0
60


বহুতো দম্পতীয়ে যৌন মিলনৰ পাছ গৰ্ভধাৰণ বা প্ৰেগনেন্সি হোৱাটো নিবিচাৰে৷ ইয়াৰ হয়তো বিভিন্ন কাৰণ থাকিব পাৰে৷ পৰিয়াল পৰিকল্পনা নকৰা, প্ৰথম সন্তান ডাঙৰ নোহোৱা, কিছু ক্ষেত্ৰত শাৰীৰিক অসুখ, আৰ্থিক সমস্যা আদি বিভিন্ন কাৰকে মহিলাসকলৰ সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত বাধা আহি পৰে৷ সেয়ে যৌন মিলন কৰাৰ পাছত বা সংগমৰ সময়ত এনে মহিলাই বিভিন্ন উপায় অৱলম্বন কৰে৷ মহিলাসকলে গৰ্ভ নিৰোধক টেবলেট খোৱা, পুৰুষসকলে সংগমৰ সময়ত কণ্ডম ব্যৱহাৰ কৰা আদি৷ কিন্তু আপুনি জানি ভাল পায় যে কিছুমান ঘৰুৱা উপায় বা খাদ্য গ্ৰহণৰ জৰিয়তে যৌন মিলনৰ সময়ত প্ৰেগনেন্সি হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে, এইবোৰৰ কোনো ধৰণৰ পাশ্বৰ্ক্ৰিয়াও নাথাকে৷ জানো আহক কি খালে সংগমৰ পাছত গৰ্ভধাৰণ নোহোৱা কৰিব পাৰি৷ সহবাসৰ পাছত গৰ্ভধাৰণৰ আশংকা থাকিলে গৰ্ভনিৰোধক টেবলেটৰ পৰিৱৰ্তে ঘৰুৱাভাৱে এইবোৰ খালে সহজে প্ৰতিকাৰ পাব পাৰি৷
ঘৰত সহজে পোৱা পকা অমিতা আৰু ইয়াৰ গুটি পেলাই নিদিব৷ অসংৰক্ষিত যৌন মিলন হ’লে পৰৱৰ্তী চাৰিদিন দুবাৰকৈ পকা অমিতা বা ইয়াৰ গুটি খালে সুফল পাব পাৰি৷ অমিতাই ডিম্বাণু নিষিক্তকৰণ ৰোধ কৰে আৰু সহবাসৰ পাছত অবাঞ্ছিত গৰ্ভধাৰণ নিয়ন্ত্ৰণ কৰাৰ এক প্ৰাকৃতিক জন্ম নিয়ন্ত্ৰক হিচাপে কাম কৰে৷
গৰ্ভধাৰণ ৰোধ কৰাৰ ক্ষেত্ৰত আনাৰসে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷ আনাৰসত ভ্ৰূণৰ ইমপ্লেণ্টেশ্যন প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে৷ সহবাসৰ পাছত তিনিদিনমান আনাৰস খালে আনপ্লেনড্‌ গৰ্ভধাৰণ এৰাই চলিব পাৰি৷
আনহাতে প্ৰাকৃতিকভাৱে ইমপ্লেণ্টেশ্যন প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত এপ্ৰিকট নামৰ বিদেশী ফলবিধে যথেষ্ট সহায় কৰে৷ ড্ৰাই ফ্ৰুইটছ হিচাপে পোৱা এই ফলবিধ পানীত ভালদৰে ভিজাই তাৰ পাছত খাব লাগে৷
ৰান্ধনি ঘৰত মছলা হিচাপে পৰিচিত ডালচেনি হ’ল গৰ্ভধাৰণ ৰোধ কৰাৰ এবিধ প্ৰাকৃতিক উপাদান৷ অৱশ্যে অধিক মাত্ৰাত ডালচেনি খালে গৰ্ভপাতৰ দৰে ঘটনাও হ’ব পাৰে৷ সেয়ে এনে অৱস্থাত ডালচেনি খাওঁতে খুব সাৱধান হোৱা দৰকাৰ৷ যৌন মিলনৰ পাছত গৰ্ভধাৰণৰ পৰা মুক্তি পাবলৈ পৰৱৰ্তী পিৰিয়ড আৰম্ভ নোহোৱা পৰ্যন্ত প্ৰতিদিনে পানীৰ সৈতে বা চাহৰ সৈতে মিহলাই খালে সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here