এক্কেবাৰে বাপেকৰ দৰে ! বাপেকৰ এই পাঁচগুণ পায় সন্তানে

0
66


সন্তানৰ বুদ্ধি বৃত্তি, স্বভাৱ-চৰিত্ৰ, আচাৰ-ব্যৱহাৰ, গাৰ বৰণ, খোজ-কাটল, খোৱা-বোৱাৰ, কথা কোৱাৰ ধৰণ, দেহৰ অৱয়ৱ, ওখ-চাপৰ আদি মাক-বাপেকৰ লগত সন্তানৰ বহু ক্ষেত্ৰত যথেষ্ট সাদৃশ্য বা মিল থাকে৷ মূলতঃ জেনেটিকেলী ভাল-বেয়া সকলো গুণ মাক-বাপেকৰ সৈতে বহুক্ষেত্ৰত সন্তান ক্ষেত্ৰত সাদৃশ্য দেখা যায়৷ অধ্যয়নৰ পৰা জানিব পৰা মতে এনে পাঁচটা গুণ আছে, যি সন্তানৰ তেওঁলোকৰ পিতৃৰ পৰা লাভ কৰে৷ জানো আহক এই পাঁচটা গুণ বা মিল৷
শিশুৰ বৈশিষ্ট্যবোৰৰ ভিতৰত অন্যতম হ’ল চুলি৷ সন্তানৰ চুলিৰ ৰঙৰ ওপৰত পিতৃৰ জিনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷
সন্তানৰ টোপনি যোৱা ধৰণ বা ভংগী অনেক ক্ষেত্ৰতে পিতৃৰ দৰে একে হয়৷ আচৰিত হ’বলগীয়া একো নাই, কিয়নো এই চৰিত্ৰ সন্তানৰ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে৷
পিতৃৰ উচ্চতা যদি ওখ-পাখ হয়, তেনেহ’লে বেছিভাগ ক্ষেত্ৰতে দেখা যায় যে সন্তানৰ উচ্চতাও ওখ-পাখ হয়৷ আনহাতে মাকৰ উচ্ছতা যদি চাপৰ বা কম হয়, তেনেহ’লে সন্তানৰ উচ্চতা স্বাভাৱিক হয়৷ এয়ো এক জেনিটিকেলী কাৰণত বাবেই হয়৷
আমি সকলোৱে ভালদৰে জানো যে পৃথিৱীৰ কোনো ব্যক্তিৰে আঙুলিৰ চাপ এজনৰ লগত আনজনৰ নিমিলে৷ কিন্তু সন্তান বা পিতৃৰ ক্ষেত্ৰত হাতৰ ৰেখা কিছু মিল থাকিব পাৰে৷
আনহাতে পিতৃৰ মুখত যদি টোল পৰা হয়, তেন্তে তেওঁলোকৰ সন্তানৰ মুখতো টোল পৰিব পাৰে৷ এইটো ঘাইকৈ পিতৃগুণৰ পৰা সন্তানলৈ আহে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here