IQ Air-ৰ প্ৰতিবেদন ঃ গুৱাহাটীবিশ্বৰ দ্বিতীয় প্ৰদূষিত মহানগৰ

0
55


বিশ্বৰ অতি প্ৰদূষিত ৫০খন মহানগৰৰ ভিতৰত ৪২খনেই আছে ভাৰতত৷ আনহাতে ২০২৩ চনৰ আটাইতকৈ বেছি প্ৰদূষিত মহানগৰসমূহৰ শীৰ্ষত আছে বিহাৰৰ বেগুচৰাই, দ্বিতীয় স্থানত আছে অসমৰ গুৱাহাটী আৰু তৃতীয় স্থানত আছে দেশৰ ৰাজধানী দিল্লী৷ ছুইজাৰলেণ্ডৰ বায়ুৰ মান নিৰীক্ষণ সংস্থা আই কিউ এয়াৰৰ এখন প্ৰতিবেদনত ভাৰতক ২০২৩ চনৰ বিশ্বৰ আটাইতকৈ বেছি প্ৰদূষিত তৃতীয়খন দেশ হিচাপে ঘোষিত কৰা হৈছে৷ প্ৰথম স্থানত আছে বাংলাদেশ আৰু দ্বিতীয় স্থান দখল কৰিছে পাকিস্তানে৷ ২০২২ চনত ভাৰত পৃথিৱীৰ অত প্ৰদূষিত অষ্টমখন দেশ হিচাপে গৰিগণিত হৈছিল৷ আনহাতে ২০১৮ চনৰ পৰা দিল্লী একেবাহে চাৰিবাৰ পৃথিৱীৰ আটাইতকৈ প্ৰদূষিত মহানগৰৰ স্থান দখল কৰিছিল৷ ২০২২ চনৰ এয়াৰ ৱল্ডৰ্ কোৱালিটি ৰিপ’ৰ্টত ১৩১ খন দেশৰ ৭৩২৩ খন ঠাইৰ বায়ু প্ৰদূষণৰ তথ্য আছিল৷ ২০২৩ চনৰ প্ৰতিবেদনত দেশৰ সংখ্যা ১৩৪ খন আৰু প্ৰদূষিত ঠাইৰ সংখ্যা ৭৮১২লৈ বৃদ্ধি পায়৷ শেহতীয়া প্ৰতিবেদন মতে বিহাৰৰ বেগুচৰাই বিশ্বৰ আটাইতকৈ প্ৰদূষিত মহানগৰ হিচাপে বিবেচিত হৈছে৷ ২০২২ বৰ্ষত মহানগৰখনৰ বায়ুত পি এম ২.৫ কনচেনট্ৰেশ্যন আছিল প্ৰতি ঘন মিটাৰত গড়ে ১৯.৭ মাইক্ৰ’গ্ৰাম৷ কিন্তু যোৱা বছৰ ১১৮.৯ মাইক্ৰ’গ্ৰামলৈ বাঢ়ে৷ একেদৰে দ্বিতীয় প্ৰদূষিত মহানগৰ গুৱাহাটীত ২০২২ চনত পি এম ২.৫ কনচেনট্ৰেশ্যন আছিল ৫১৷ ২০২৩ চনত এই সংখ্যা দুগুণলৈ বাঢ়ি ১০৫.৪ মাইক্ৰ’গ্ৰাম হয়গৈ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here