যোৱা ৫০ বছৰৰ ভিতৰত– ভাৰতত অক্টোবৰ মাহৰ নিশাবোৰ আটাইতকৈ বেছি গৰম আছিল

0
2196

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে যোৱা ৫ অক্টোবৰত জনায় যে অক্টোবৰৰ নিশাবোৰ আছিল যোৱা ৫০ বছৰৰ ভিতৰত আটাইতকৈ বেছি গৰমৰ নিশা৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কয় যে ১৯৭১ চনৰ পৰা অৰ্থাৎ যোৱা ৫০ বছৰত, ২০২০ চনৰ অক্টোবৰ মাহটোত নিশাৰ উষ্ণতা আটাইতকৈ বেছি আছিল আৰু ১৯৭১ চনৰ পৰা গড় মাহেকীয়া সৰ্বোচ্চ আৰু সৰ্বনিম্ন উষ্ণতাৰ ফালৰ পৰা আটাইতকৈ বেছি গৰমৰ তৃতীয়টো মাহ আছিল৷ ইয়াৰ আগতে ২০১৫ আৰু ২০১৭ চনৰ অক্টোবৰ মাহ দুটা তেনেকুৱা আছিল৷ আনহাতে নৱেম্বৰ মাহত উষ্ণতা জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ, পঞ্জাব, উড়িষা আৰু ছট্টিশগড়ৰ বাদে সমগ্ৰ দেশখনত প্ৰায় স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে৷ অক্টোবৰ আৰু নৱেম্বৰ মাহত সাধাৰণতে বংগোপসাগৰত বা-মাৰলীৰ উৎপত্তি হয়৷ অক্টোবৰত তিনিটা বা-মাৰলীৰ লক্ষণ দেখা গৈছিল যদিও এটাও নহ’ল৷ ১৯৮০ চনৰ পৰা ২০২০ চনৰ ভিতৰৰ তথ্য চাই দেখা গৈছে যে এই সময়ছোৱাত বা-মাৰলী নোহোৱা ১৪টা বছৰৰ ভিতৰত ২০২০ চনৰ অক্টোবৰ মাহত দেশখনত ৩ শতাংশ বেছি বৰষুণ হয়৷ সেয়ে তাপমাত্ৰাৰ পৰিমাণ বৃদ্ধি পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here