মনত ৰাখিব– দ্বীপান্বিতাৰ ফূৰ্তিয়ে যাতে পৰিৱেশ বিনষ্ট নকৰে

0
1786

পোহৰৰ উৎসৱ দীপাৱলী বা দ্বীপান্বিতালৈ মাজত মাথোঁ কেইটামান দিন বাকী আছে৷ প্ৰতিবছৰে দীপাৱলীৰ সময়ত অধিক শব্দ প্ৰদূষণৰ সৃষ্টি হয়৷ দীপাৱলীৰ সময়ত উচ্চ প্ৰাবল্যৰ ফটকা, আতচবাজীয়ে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়৷ এনে উচ্চ প্ৰাবল্যত ফুটা ফটকাই শিশুৰ পৰা বয়সস্থ লোকলৈকে সকলোকে বিপদৰ ফালে ঠেলি দিয়ে৷ সেয়ে দেশৰ প্ৰদূষিত নগৰ-মহানগৰসমূহত ফটকা বিক্ৰী আৰু ব্যৱহাৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নিষেধাজ্ঞা আৰোপ কৰিছে৷ সেউজ ন্যায়াধিকৰণৰ অধ্যক্ষ আদৰ্শ কুমাৰ গোৱেলে দীপাৱলীৰ সময়ত– অৰ্থাৎ সাত নৱেম্বৰৰ পৰা ত্ৰিছ নৱেম্বৰলৈকে ফটকা নিষিদ্ধ কৰা সম্পৰ্কত এখন আৱেদনৰ শুনানি গ্ৰহণ কৰিছে আৰু সেই অনুসৰি অসমকে ধৰি ১৮খন ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে৷ সেই সম্পৰ্কে নায়াধিকৰণে গুৱাহাটীৰ বায়ু প্ৰদূষিত হৈ থকাৰ কথা উল্লেখ কৰি ৰাজ্য চৰকাৰলৈ ফটকা ফুটোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ নিৰ্দেশ দিয়ে৷ একেদৰে দেশৰ আন আন প্ৰদূষিত নগৰ-মহানগৰসমূহত ফটকাৰ বিক্ৰী আৰু ফুটোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে৷ উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ২০২০ চনত দেশৰ যি ১২২খন নগৰ তথা জিলাৰ বায়ু প্ৰদূষিত বুলি উল্লেখ কৰিছিল, তাৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে অসমৰ গুৱাহাটী, নগাঁও, শিলচৰ আৰু শিৱসাগৰ ৷ ন্যায়াধিকৰণে জাৰি কৰা উক্ত নিষেধাজ্ঞাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰি আছে৷ ইতিমধ্যে মহাৰাষ্ট্ৰ, পশ্চিম বংগ, উড়িষা, চণ্ডীগড়, ৰাজস্থান, ছিকিম, হাৰিয়ানা, কৰ্ণাটক আৰু ত্ৰিপুৰা আদি ৰাজ্যসমূে্‌হ আতচবাজী বিক্ৰী আৰু ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে৷ যিহেতু দীপাৱলী পোহৰৰ উৎসৱ, সেয়েহে আমি উচ্চ প্ৰাবল্যৰ ফটকা নুফুটাই ফুলজাৰি, মাটিৰ চাকি, মম আদি জ্বলায়েই পোহৰৰ উৎসৱটি পালন কৰিব পাৰোঁ। সেয়েহে আহক, আমাৰ চৌপাশৰ পৰিৱেশৰ প্ৰতি আমি সকলোৱে দায়বদ্ধ হ‌ওঁ আৰু আমাৰ অতিকৈ প্ৰিয় পোহৰৰ উৎসৱ দীৱাৱলীক চাকি-মমবাতিৰ পোহৰেৰে পোহৰাই তোলো।

LEAVE A REPLY

Please enter your comment!
Please enter your name here