পাচলি কেনেদৰে খোৱাৰ উপযোগী কৰি তুলিব ?

0
1917

আমাৰ দেশখন বিশাল সেউজীয়া শাক-বনেৰে পৰিপূৰ্ণ৷ ইয়াত হোৱা সকলো পাচলি বেচ জনপ্ৰিয়৷ নিয়মিত খাদ্যত সেউজীয়া শাক-পাচলিৰ অন্তৰ্ভুক্তিয়ে শৰীৰটোক সুস্থ-সবল কৰি ৰাখে৷ শাক-পাচলিসমূহত খাদ্যপ্ৰাণ, খনিজ পদাৰ্থ, চেলুলজ, শৰ্কৰা, পানী, এণ্টিঅক্সিডেণ্ট, আঁহ, চৰ্বি আদি যথেষ্ট পৰিমাণে থাকে৷ দৈনিক শাক-পাচলি খালে বহুতো বেমাৰ যেনে– হৃদৰোগ, কৰ্কট ৰোগ আদিৰ দৰে ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ শাক যিমানেই সেউজীয়া হয়, তাত সিমানেই খাদ্যপ্ৰাণ ‘ক’-অৰ পৰিমাণ বেছি হয়৷ কিন্তু বজাৰৰ পৰা কিনি অনা শাক-পাচলিত বহুতো ধূলি-মাকতিৰ লগতে অইন বীজাণু থাকে, যিটো আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ সেয়েহে বজাৰৰ পৰা কিনি অনা শাক-পাচলি বীজাণুমুক্ত কৰিহে খোৱা উচিত৷ কিছুমানৰ মতে, শাক-পাচলি বহুত সময় ৰ’দত ৰাখিলে বীজাণুমুক্ত হৈ পৰে৷ আকৌ আন কিছুমানৰ মতে চাবোন পানীৰে ধুলেহে পাচলি বীজাণুমুক্ত হয়৷ কিন্তু বিশেষজ্ঞসকলৰ মতে, চাবোনত ফৰ্মেলডিহাইড থাকে, যি পেটলৈ গৈ ৰোগৰ সৃষ্টি কৰিব পাৰে৷ সেয়েহে বিশেষজ্ঞসকলে পাচলি বীজাণুমুক্ত কৰিবলৈ কেইটামান সহজ পদ্ধতি আগবঢ়াইছে৷ উতলোৱা পানী চেঁচা কৰি তাত ৫০ পিপিএম ক্লৰিন এটোপাল মিহলাই লৈ সেই পানীত পাচলিখিনি ধুই বীজাণুমুক্ত কৰিব পাৰি৷ নাইবা দুই লিটাৰ পানীত দুচামুচ নিমখ আৰু আধা কাপ ভিনেগাৰ মিহলাই লৈ পাচলিখিনি সেই মিশ্ৰণত পাঁচ মিনিট সময় ৰাখিও পাচলি বীজাণুমুক্ত কৰিব পাৰি৷ খোৱা ছোডা মিহলোৱা পানীত পাচলিখিনি ধুয়ো বীজাণুৰ পৰা হাত সাৰিব পাৰি৷ তদুপৰি পাচলি কটাৰ পূৰ্বে কটাৰীখন ভালদৰে ধুই বীজাণুমুক্ত কৰি ল’ব লাগে৷ এনেদৰে বিভিন্ন উপায়েৰে আমি খোৱা পাচলিখিনি পৰিষ্কাৰ তথা বীজাণুমুক্ত কৰি ল’ব পাৰোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here