যোগাভ্যাসৰ জৰিয়তে স্বাস্থ্য ৰক্ষা সম্পৰ্কে সজাগতা সৃষ্টিৰ আহ্বান মুখ্যমন্ত্ৰীৰ

0
1213

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত অনুষ্ঠিত ‘ৰাষ্ট্ৰীয় পোষণ মাহ ২০২২’ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অংগনৱাড়ী কেন্দ্ৰক লৈ চৰকাৰে লোৱা নতুন ব্যৱস্থাৰ কথা উল্লেখ কৰে৷ পোষণ মাহ উপলক্ষে অনুষ্ঠিত সভাত ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে অসম চৰকাৰে ৰাজ্যখনত অপৰিপুষ্টিহীনতা আৰু ৰক্তহীনতা আঁতৰ কৰাৰ বাবে কৰ্মসূচী ৰূপায়ণ কৰি আহিছে৷ তেওঁ লগতে কয় যে এই সমগ্ৰ অভিযান নিৰীক্ষণ কৰাৰ বাবে ৰাজ্যিক প্ৰকল্প ব্যৱস্থাপনা গোট এটা গঠন কৰা হৈছে৷  গৰ্ভৱতী মহিলা আৰু কিশোৰীৰ ৰক্তহীনতা, কম ওজন, শিশুৰ অপুষ্টিহীনতা আঁতৰ কৰাৰ দিশত এই ছটা সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে অংগনৱাড়ী কেন্দ্ৰ পৰ্যায়ত আই চি ডি এছ সেৱাসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে সমগ্ৰ অসমতে এটা ম’বাইল এপ্লিকেশ্যন ‘পোষণ ক্ৰেকাৰ’ ৰূপায়ণ কৰা হৈছে৷ 
এই এপৰ জৰিয়তে কেইবাটাও আই চি ডি এছ সেৱা নিৰীক্ষণ কৰা হৈছে৷ তেওঁ লগতে কয় যে এই বছৰ ৰাষ্ট্ৰীয় পোষণ মাহত সমগ্ৰ ৰাজ্যতে পোষণ পঞ্চায়ত অনুষ্ঠিত কৰি গৰ্ভাৱস্থা আৰু শিশুক দুগ্ধপান কৰাই থকা মহিলাসকলৰ বাবে প্ৰয়োজনীয় বিভিন্ন পুষ্টিকৰ খাদ্য, ৰক্তহীনতা ৰোধ, ঋতুস্ৰাৱৰ সময়ছোৱাত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰয়োজনীয়তা আদি সন্দৰ্ভত সজাগতা সৃষ্টিৰ অভিযান চলোৱা হ’ব৷ তেওঁ লগতে কয় যে পঞ্চায়তৰ জৰিয়তে কিশোৰীয়ে ঋতুস্ৰাৱৰ সময়ত ল’বলগীয়া সাৱধানতা, ৰক্তহীনতা আদিৰ বিষয়েও অৱগত কৰোৱা হ’ব৷ 
পোষণ বাতিকা নামৰ এক কাৰ্যসূচীৰ দ্বাৰা অংগনৱাড়ী কেন্দ্ৰ, বিদ্যালয় চৌহদ আদিত ঔষধি গুণসম্পন্ন গছপুলি ৰোপণ, যোগাভ্যাসৰ জৰিয়তে স্বাস্থ্য ৰক্ষা সম্পৰ্কে সজাগতা সৃষ্টি, ৰাজ্যৰ চাহ বাগিচাসমূহত কিশোৰীসকলৰ বাবে ৰক্তহীনতা দূৰীকৰণ শিবিৰ অনুষ্ঠিত কৰাকে ধৰি এই সময়ছোৱাত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হ’ব৷ এই অনুষ্ঠানত ১০ গৰাকী কণ কণ শিশুকো মুখ্যমন্ত্ৰী ড॰ শৰ্মাই পুষ্টিকৰ আহাৰৰ টোপোলা উপহাৰ দিয়ে৷  অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত তথা মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে ৰাজ্যখনৰ শিশু, কিশোৰ- কিশোৰী, গৰ্ভৱতী মাতৃ আৰু প্ৰসূতি মাতৃৰ স্বাস্থ্যৰ উন্নয়ন সাধন কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here