দেশৰ ভিতৰতে নাৰীৰ বিৰুদ্ধে অপৰাধৰ শীৰ্ষত অসম

0
366

নাৰী অপৰাধৰ বধ্যভূমিত পৰিণত হৈছে অসম৷ সেই কথা যেন প্ৰতীয়মান কৰিলে এক সমীক্ষাই৷ দেশত নাৰীৰ বিৰুদ্ধে অপৰাধত শীৰ্ষত অৱস্থান কৰিছে অসমে৷ যোৱা বছৰ অসমত নাৰীৰ বিৰুদ্ধে অপৰাধৰ হাৰ আছিল ১৬৮.৩:, ই আছিল ৰাষ্ট্ৰীয় হাৰ ৬৪.৫তকৈ বহু বেছি৷ যোৱা বছৰ দিল্লী আছিল দ্বিতীয় স্থানত [১৪৭.৬] আৰু ওড়িষা [১৩৭.৮]৷ উল্লেখ্য যে অপৰাধৰ হাৰ প্ৰতি ৰ লাখ জনসংখ্যাত হোৱা মুঠ অপৰাধৰ পৰা উলিওৱা হয়৷ ২০১৭ চনত অসমত নাৰীৰ বিৰুদ্ধে অপৰাধৰ হাৰ আছিল ১৪৩.৩, ২০১৮ চনত ১৬৬, ২০১৯ চনত ১৭৭ আৰু ২০২০ চনত ১৫৪.৩৷ ইফালে নাৰীৰ বিৰুদ্ধে অপৰাধৰ মুঠ গোচৰৰ ৫২.৯ শতাংশৰহে অভিযোগনামাহে যোৱা বছৰ দাখিল কৰা হৈছিল৷ ৰাষ্ট্ৰীয় হাৰ ৭৭.১ শতাংশতকৈ ই বহু কম৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here