মুখৰ বলিৰেখাৰ সমস্যাৰপৰিত্ৰাণৰ উপায় কি?

0
140

বয়স বৃদ্ধিৰ লগে লগে মুখত বলিৰেখা পৰাটো এক স্বাভাৱিক প্ৰক্ৰিয়া৷ কিন্তু প্ৰায়ক্ষেত্ৰতে দেখা যায় যে বয়স কম থাকোতেই বহুতৰে মুখত বলিৰখো পৰা দেখা যায়৷ অস্বাস্থ্যকৰ জীৱন-যাপন, বজাৰত পোৱা প্ৰসাধনৰ অত্যধিক ব্যৱহাৰ, সঠিকভাৱে ছালৰ যতন নোলোৱা আদি একাধিক কাৰণত মুখত বলিৰেখা, বয়সৰ চাপ, দাগ, চোপ আদি পৰে৷ নিয়মিত স্ক্ৰাবিং, ছানস্ত্ৰীন, ক্লিনজাৰ, মইশ্বৰাইজাৰ আদিৰ ব্যৱহাৰ কৰাৰ ফলত বলিৰেখা কিছু কমে যদিও নিৰ্ভৰযোগ্য নহয়৷ ৰাসায়নিক দ্ৰব্যৰ পৰিৱৰ্তে আমি যদি ঘৰুৱা পদ্ধতি গ্ৰহণ কৰো, তেন্তে সমস্যাটো দীৰ্ঘস্থায়ী হয়৷ সেয়েহে মুখত পৰা বলিৰেখা নোহোৱা কৰিবলৈ কি কৰিব জানো আহক৷ ইয়াৰ বাবে এটা পেষ্ট প্ৰস্তুত কৰি ল’ব৷ পকা কল, তিলেৰ বীজৰ গুৰি, কাঠবাদাম, এলোভেৰাৰ ৰস, ঘি এইকেইবিধ সামগ্ৰী যোগাৰ কৰক৷ এটা পাত্ৰত পকা কল, ঘি, তিলৰ বীজৰ গুৰি, এলোভেৰা জেল, কাঠবাদাম সকলোখিনি লৈ ভালদৰে মিষ্টিত বটি লওক৷ এই মিশ্ৰণটো এনেদৰে তৈয়াৰ কৰিব যাতে খুব মিহি হয়৷ প্ৰয়োজন হ’লে অলপমান গাখীৰ মিহলাব পাৰে৷ গোটেইখিনি ভালদৰে মিশ্ৰণ হোৱাৰ পাছত এটা কাচৰ পাত্ৰত ভৰাই পেষ্টটো ফ্ৰীজত সংৰক্ষণ কৰি ৰাখিব৷ দৈনিক ৰাতি শোৱাৰ আগে আগে মুখখন ভালদৰে পৰিষ্কাৰকৈ ধুই মুখত এই মিশ্ৰণটো লগাই ৰাখক৷ পুৱা শুই উঠি মুখখন ভালদৰে ধুই পেলাওক৷ এসপ্তাহমান এইদৰে কৰিলে মুখত পৰা বলিৰেখা আঁতৰি যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here