ৰাজ্যৰ বিদ্যুৎ সংযোগ নথকা অঞ্চলক ছ’লাৰলাইটেৰে পোহৰোৱাৰ পদক্ষেপ চৰকাৰৰ

0
154


যিবোৰ ভিতৰুৱা তথা দুৰ্গম অঞ্চলত বিদ্যুৎ সৰবৰাহৰ ব্যৱস্থা এতিয়াও সম্ভৱ হৈ উঠা নাই, সেই এলেকাসমূহো এতিয়া আলোকিত হৈ থাকিব৷ সৌৰ শক্তিৰে ভিতৰুৱা গাঁওসমূহ পোহৰাই তোলাৰ বাবে ব্যৱস্থা কৰিছে আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবিশংকৰৰ ‘আৰ্ট অব্‌ লিভিঙে’৷ ‘আৰ্ট অব্‌ লিভিং’ নামৰ সংস্থাৰ শ্ৰীশ্ৰী ৰুৰেল ডেভলপমেণ্ট প্ৰগ্ৰাম ট্ৰাষ্টৰ দ্বাৰা কাৰ্বি আংলং আৰু ডিমা হাছাও জিলালৈ ২ হাজাৰটা সৌৰচাকি কঢ়িয়াই নিয়া এখন বাহন মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱন চৌহদত আয়োজিত এক অনুষ্ঠানত ‘ফ্লেগ অফ’ কৰি প্ৰেৰণ কৰে৷ উল্লেখ্য যে আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবিশংকৰে ‘লাইট এ হ’ম’ নামৰ এক প্ৰকল্পৰ অধীনত এই সৌৰ লাইটসমূহ প্ৰেৰণ কৰিছে৷ এই সৌৰচাকিসমূহ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ ভিতৰুৱা জনজাতীয় গাঁৱত স্থাপন কৰা হ’ব৷ উচ্ছমানবিশিষ্ট তথা জলপ্ৰতিৰোধী এই সৌৰচাকিসমূহৰ সৈতে ম’বাইল ফ’ন চাৰ্জ কৰিব পৰা ব্যৱস্থাও সংলগ্ন হৈ আছে৷ ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ২০১৩ চনত আৰম্ভ হোৱা ‘লাইট এ হ’ম’ প্ৰকল্পই দেশত বিস্তৃৰ্ণ অঞ্চলত জনসাধাৰণৰ জীৱন চুই যাবলৈ সক্ষম হৈছে৷ এই পদক্ষেপে দেশৰ ৭৬০খন গাঁও সামৰি ৩ হাজাৰটা গৃহ বৰ্তমানলৈকে সামৰি লৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে চলিত বৰ্ষৰ ২৫ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে কাজিৰঙাত আয়োজন কৰা চিন্তন শিবিৰত উপস্থিত থাকি যোগদান কৰাৰ পাছত আধ্যাত্মিক গুৰুগৰাকীয়ে ‘লাইট এ হ’ম’ কাৰ্যসূচীৰ অধীনত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলালৈ সৌৰচাকি প্ৰেৰণৰ কথা উল্লেখ কৰিছিল৷ ইতিমধ্যে ‘আৰ্ট অব্‌ লিভিং’ সংস্থাটোৰ জৰিয়তে ৰাজ্যৰ বহুকেইখন গাঁৱত এনে চাকি প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ সদৰী কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে এই কাৰ্যসূচীয়ে যাতে জনসাধাৰণৰ মাজত প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰে সেই উদ্দেশ্যে আজি ফ্লেগ অফ কৰি¸ প্ৰতীকী অৰ্থত এই সামগ্ৰীসমূহ প্ৰেৰণ কৰা হৈছে৷ এই উদ্যোগৰ বাবে মুখ্যমন্ত্ৰীয়ে শ্ৰীশ্ৰী ৰবিশংকৰক অসমবাসীৰ হৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here