মুখমণ্ডলৰ অতিৰিক্ত চৰ্বি কমাবলৈ কি কৰিব ?

0
195

মুখৰ উজ্জ্বলতা তথা সজীৱতাত মানুহ এজনৰ ব্যক্তিত্ব প্ৰকাশ পায়৷ মুখৰ সৌন্দৰ্যই ব্যক্তি এজনৰ সৌন্দৰ্য ফুটাই তোলে৷ শৰীৰৰ আন অংগৰ সমানে মুখখনৰ যতন লোৱাটোও অতি আৱশ্যক৷ কিয়নো বয়স বঢ়াৰ লগে লগে মুখৰ অৱয়ব সলনি হয়, বলিৰেখা পৰিবলৈ আৰম্ভ কৰে, ছালখন শোঁতোৰা হয়, নানা কাৰণে ক্ৰিয়া কৰে মুখৰ ছালখনত৷ তাৰ ভিতৰত মুখমণ্ডলত অতিৰিক্তভাৱে চৰ্বি বা মেদ জমা হৈ অসুবিধাৰ সৃষ্টি কৰে৷ সেয়েহে মুখৰ পৰা অতিৰিক্ত মেদ আঁতৰাবলৈ কিছুমান ব্যায়াম কৰাটো জৰুৰী৷ যোগ ব্যায়ামে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায়৷ মুখৰ চৰ্মৰোগৰ পৰা আৰম্ভ কৰি ইয়াৰ আকৃতি, উজ্জ্বলতা আদিৰ বাবে মুখৰ ব্যায়াম কৰাটো উপযোগী৷ 
ব্যায়ামে যথেষ্ট ইতিবাচক প্ৰভাৱ পেলায় মুখখনত৷ ব্যায়ামে মুখৰ পেশীবোৰ শক্তিশালী কৰে৷ মুখখন শিথিল কৰাৰ লগতে মুখৰ শেঁতা ভাব নোহোৱা কৰে৷ মুখৰ ব্যায়াম কৰিলে কলাজেন উৎপাদন বৃদ্ধি হৈ মুখৰ উজ্জ্বলতা বৃদ্ধি কৰি ছালখন সতেজ কৰি ৰাখে৷ ইয়াৰ বাহিৰেও হঁহাটো মুখৰ এটা উত্তম ব্যায়াম৷ হঁাহিলে মুখৰ ছালখনৰ পেশী প্ৰসাৰিত-সংকুচিত হৈ ছালখন শক্ৰিশালী হোৱাৰ সহায় কৰে৷ ব্যায়ামে কলাজেনৰ পৰিমাণৰ বৃদ্ধি কৰি বলিৰেখা দূৰ কৰাত সহায় কৰে৷ ছালখনক টোন কৰি বলিৰেখাৰ গভীৰতা কমাই ৰাখে৷ যাৰ ফলত মুখখন মসৃণ আৰু তৰুণ দেখায়৷ ইয়াৰ উপৰি মুখৰ যোগ ব্যায়ামৰ ফলত কোষৰ অক্সিজেনৰ সৰবৰাহ বঢ়াই দিয়ে৷ শ্বাস-প্ৰশ্বাসৰ উন্নত কৰাৰ বাবে মন-মগজু শান্ত কৰি ৰাখে৷ ফলত মুখ, চকুৰ দৰে সকলো অংগই শান্ত-নিৰ্মল হয় বাবে মুখৰ স্ত্ৰেচ ভাব নাইকিয়া হৈ মুখখন উজ্জ্বল হৈ পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here