আশাৰ সঞ্চাৰ কৰিছে যোৰহাট কেঞ্চাৰ হাস্পতালে

0
353

ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰলৈ যুগান্তৰকাৰী পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে টাটা গ্ৰুপ আৰু ৰাজ্য চৰকাৰৰ যৌথ প্ৰচেষ্টাত আৰম্ভ হোৱা ৭খন কেঞ্চাৰ হাস্পতালৰ অন্যতম যোৰহাট কেঞ্চাৰ হাস্পতালত ৰোগীৰ ভিৰ পৰিলক্ষিত হৈছে৷ 
দূৰলৈ নোযোৱাকৈ ঠাইতে কেঞ্চাৰৰ চিকিৎসা আৰু পৰামৰ্শ সহজলভ্য হৈ পৰা গোলাঘাট, মাজুলী, তিতাবৰ, দেৰগাঁও, শিৱসাগৰকে ধৰি যোৰহাটৰ আশে-পাশে থকা বিভিন্ন অঞ্চলৰ পৰা যোৰহাট কেঞ্চাৰ হাস্পতাললৈ ৰোগীৰ আগমন ঘটিছে৷ চিকিৎসালয়খনৰ সূত্ৰই জানিবলৈ দিয়া মতে বিগত তিনিদিনত ৫২গৰাকী ৰোগীয়ে নিজৰ নাম পঞ্জীয়ন কৰাৰ লগতে চিকিৎসাসেৱা গ্ৰহণ কৰিছে৷ 
উল্লেখ্য যে যোৰহাট  কেঞ্চাৰ হাস্পতাল লেভেল-৩ কেটেগৰি হাস্পতাল৷ বিশ্বমানৰ চিকিৎসা সা-সঁজুলিৰে সমৃদ্ধ চিকিৎসালয়খনত কেঞ্চাৰ ৰোগ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থাই সন্নিৱিষ্ট কৰিছে৷ যোৰহাট কেঞ্চাৰ হাস্পতালৰ অধ্যাপক ডাঃ বিপুল ভূঞাই জনোৱা মতে হাস্পতালখনত ইতিমধ্যে ৰেডিঅ’থেৰাপি, কেম’থেৰাপি, মেম’গ্ৰাফী আদিৰ উন্নত মানৰ যন্ত্ৰপাতি সন্নিৱিষ্ট কৰি বিশ্বমানৰ চিকিৎসা সেৱা আগবঢ়াবলৈ সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ 
ইয়াৰ উপৰি এক্স-ৰে’, এম আৰ আই, চিটি স্কেন আদিৰ উপৰি কেঞ্চাৰ ৰোগ নিৰূপণত প্ৰয়োজনীয় বহুকেইটা পৰীক্ষা চিকিৎসালয়খনত উপলব্ধ কৰা হৈছে৷ কেম’থেৰাপিৰ সকলো ব্যৱস্থা সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰি ডাঃ ভূঞাই কয় যে ইতিমধ্যে ইয়াৰ বাবে ৮খনকৈ বিছনা ৰেডী হৈ আছে৷ পেলিয়েটিভ কেয়াৰকে ধৰি মুঠ ৪২খন বিছনা এই দুয়োটা ইউনিটত সন্নিৱিষ্ট কৰা হ’ব৷ 
ৰোগীৰ প্ৰয়োজন অনুসৰি কেম’থেৰাপি দিয়াৰ ব্যৱস্থা কৰিব৷ আনহাতে যিসকল ৰোগীৰ অটল অমৃত অভিযান, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা সাঙুৰি লৈছে সেইসকল বি পি এল কাৰ্ড হ’ল্ডাৰৰ চিকিৎসা বিনামূলীয়া হ’ব৷ 
অন্য ৰোগীৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনিৰ অধীনত যিধৰণে মাচুল নিৰ্ধাৰণ কৰা আছে সেইধৰণেই পৰিশোধ কৰিব লাগিব৷ কেঞ্চাৰ ৰোগ চিকিৎসাৰ বাবে স্থাপন হোৱা চিকিৎসালয়খনে যোৰহাট জিলাৰ লগতে অন্য প্ৰান্তৰ ৰোগীসকলৰ বাবেও আশাৰ সঞ্চাৰ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here