মুখত পৰা ক’লা দাগ কেনেকৈ নিৰ্মূল কৰিব ?

0
1881

বৰ্তমান সময়ত প্ৰায় সকলো লোকেই স্বাস্থ্যৰ লগতে ৰূপসজ্জাৰ প্ৰতি সচেতন হৈছে। সৌন্দৰ্যপিপাসু প্ৰতিগৰাকী ব্যক্তিয়েই নিজৰ মুখখন নিমজ আৰু সতেজ কৰি ৰাখিব বিচাৰে৷ নিজকে ধুনীয়া কৰি ৰাখিবলৈ বহুতেই বজাৰত উপলব্ধ নামী-দামী বিভিন্ন ৰকমৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে৷ এই সামগ্ৰীবোৰত নানা ৰাসায়নিক উপাদান মিহলি হৈ থাকে আৰু ইয়ে আমাৰ ছালখনৰ যথেষ্ট অনিষ্ট সাধন কৰে৷ তাৰ উপৰি অত্যধিক মছলাযুক্ত খাদ্য গ্ৰহণ, ভজা-পোৰা খাদ্য আদিয়ে মুখৰ ছালখনত বিৰূপ প্ৰভাৱ পেলায়৷ ইয়াৰ ফলত মুখত শালমইনা বা ফোঁহা হ’ব পাৰে৷ মুখৰ ছালখন স্পৰ্শকাতৰ হোৱা হেতুকে শালমইনা, ফোঁহা আদি ওলাই ক’লা দাগৰ সৃষ্টি কৰে৷ কিছুমান ঘৰুৱা উপায়েৰে মুখত পৰা ক’লা দাগ নিৰ্মূল কৰিব পাৰি৷ সাধাৰণতে গ্লিচাৰিনৰ লগত হালধি গুড়ি আৰু বেচনৰ পেষ্ট তৈয়াৰ কৰি তাত এচামুচ নেমুৰস মিহলাই মুখত সানিব লাগে৷ ৰাতি শোৱাৰ আগতে এই পেষ্টটো মুখত আধা ঘণ্টা বা এঘণ্টা সময় ৰাখিব লাগে৷ পাছত শুকান হ’লে পৰিষ্কাৰ পানীৰে ধুই দিব লাগে৷ এনেদৰে এসপ্তাহ এই পেষ্টটো মুখত লগালে ছালখন মসৃণ হয়৷ আনহাতে গাখীৰৰ সৰৰ লগত হালধি গুড়ি আৰু বেচনেৰে একেদৰে পেষ্ট প্ৰস্তুত কৰি মুখত সানিলে ক’লা দাগ সোনকালে নোহোৱা হয়৷ ছালখনৰ সৌন্দৰ্য আৰু সতেজতা বৃদ্ধিতো ই সহায় কৰে। এনেকৈয়ে ঘৰুৱাভাৱে প্ৰস্তুত কৰা সামগ্ৰী ব্যৱহাৰ কৰি মুখত পৰা ক’লা দাগ আমি সহজেই আঁতৰাব পাৰোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here