মহিলাৰ স্বাস্থ্য ৰক্ষাত ভিটামিনৰ ভূমিকা

0
2300

এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ সময়৷ এনে এক উৎসৱমুখৰ পৰিৱেশত বিশেষকৈ মহিলাসকলে নিজৰ সাজোন-কাচোন বা পৰিসজ্জাৰ প্ৰতি বহুখিনি সজাগ-সচেতন হোৱাটো পৰিলক্ষিত হয়৷ প্ৰতিগৰাকী নাৰীয়ে নিজস্ব শৈলীৰে সৌন্দৰ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰে৷ কৰ্মব্যস্ততাৰ মাজতে সকলোবোৰ নিয়াৰিকৈ সজাই তুলিব যাওঁতে কেতিয়াবা হয়তো নিজৰ স্বাস্থ্যৰ যতন ল’বলৈকে তেওঁলোকে পাহৰি যায়৷ যাৰ বাবে তেওঁলোক সঘনাই বিভিন্ন ৰোগৰ চিকাৰ হয়৷ সেয়ে সুন্দৰ আৰু সুস্থ হৈ থকাৰ ক্ষেত্ৰত নাৰীসকলে সুষম আহাৰৰ লগতে কেইবিধমান বিশেষভাৱে উপকাৰী ভিটামিন নিমমিতভাৱে খোৱাটো খুবেই দৰকাৰী৷ প্ৰতিগৰাকী মহিলাৰ সুস্বাস্থ্যৰ বাবে অতিকে প্ৰয়োজনীয় ভিটামিনবিধ হৈছে ভিটামিন-এ৷ ই শৰীৰৰ কোষৰ লগতে হাড়, চাল, পেশী, দাঁত আদি মজবুত কৰি ৰাখে৷ তদুপৰি দৃষ্টিশক্তিৰ ক্ষেত্ৰত এই ভিটামিনে যথেষ্ট অৰিহণা যোগায়৷ বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো ই মন্থৰ কৰি ৰাখে৷ আন এবিধ লাগতিয়াল ভিটামিন হৈছে ভিটামিন-বি৷ এইবিধ ভিটামিনে ৰক্তকণিকা বৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগায়৷ ই আমাৰ স্মৃতিশক্তি বৃদ্ধি কৰে, বিশেষকৈ উচ্চ ৰক্তচাপ, হূদৰোগ, মানসিক বিকাৰ আদি সমস্যা দূৰ কৰে৷ আনহাতে শৰীৰক লাগতিয়াল কেলচিয়াম, ফছফৰাছ, খনিজ দ্ৰব্য আদি ভিটামিন-ডি পৰা আমি পাওঁ৷ চৰ্বিযুক্ত মাছ, কণী, গাখীৰ আদিত এই সকলোৰে পোৱা যায় বাবে মহিলাসকলে এনে খাদ্য প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰা উচিত৷ মহিলাৰ বাবে আন এটা দৰকাৰী ভিটামিন হ’ল ভিটামিন-ই৷ যিয়ে হৃদপিণ্ড সুস্থ ৰখাত সহায় কৰে, চুলি, নখ আদি ভালে ৰাখে, লগতে এইবিধ ভিটামিনে কেঞ্চাৰ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত চি ভিটামিনৰ গুৰুত্ব অপৰিসীম৷ এ শৰীৰৰ কোষবোৰ শক্তিশালী কৰি ৰাখে, ইমিউনিটি প্ৰক্ৰিয়া বঢ়োৱাত ই সহায় কৰে৷ সেয়ে মহিলাসকলে উল্লেখিত খাদ্য গ্ৰহণ কৰি বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পাৰে আৰু এটা সুস্থ-সবল দেহৰ অধিৰাকী হোৱাৰ গৌৰৱ অৰ্জন কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here