প্ৰথম পৰ্যায়ত কভিড-যোদ্ধাকহে দিয়া হ’ব কৰ’নাৰ ভেকচিন

0
2318

কভিড-১৯ৰ ভয়াৱহ সংক্ৰমণে সমগ্ৰ বিশ্বকে থানবান কৰিছে৷ ইয়াৰ পৰিত্ৰাণৰ উপায় বিচাৰি গোটেই বিশ্বই আজি নিৰুপায় হৈ পৰিছে৷ কোনো এখন দেশেই নিৰ্দিষ্টকৈ ইয়াৰ প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা কৰিব পৰা নাই৷ কভিড-১৯ আক্ৰান্ত বিশ্বৰ প্ৰায়কেইখন দেশেই কৰ’না প্ৰতিষেধক উদ্ভাৱনৰ বাবে আপ্ৰাণ চেষ্টা কৰিছে যদিও আজিলৈকে কোনো এখন দেশে সুফল লাভ কৰা নাই৷ তাৰ মাজতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰতিষ্ঠানে ইয়াৰ গৱেষণাৰ কাম চলাই আছে৷ বিভিন্ন গৱেষণাগাৰত হোৱা পৰীক্ষাসমূহৰ পৰা জনা মতে, অহা বৰ্ষৰ জানুৱাৰীৰ পৰা জুনৰ ভিতৰত ভাৰতত প্ৰথম পৰ্যায়ৰ কভিডৰ টিকাকৰণৰ পৰিকল্পনা কৰা হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ বিষয়াসকলে যোৱা ২০ অক্টোবৰ তাৰিখে কয় যে কভিড-১৯ৰ ভেকচিন ওলোৱাৰ লগে লগে ভাৰতৰ প্ৰথম পৰ্যায়ৰ স্বাস্থ্য খণ্ডৰ বিশেষজ্ঞসকলকে ধৰি কভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ আগশাৰীত থকা প্ৰায় তিনি কোটি লোকক ভেকচিন দিয়া হ’ব৷ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কভিড-সম্পৰ্কীয় এখন সংবাদমেলত কয় যে তিনি কোটি লোকক ভেকচিন দিব পৰাকৈ দেশখনৰ আন্তঃগাঁথনি ইতিমধ্যে সাজু হৈ আছে৷ ভেকচিনৰ বাবে লাগতিয়াল ক’ল্ড চেইন, ভায়েল আৰু ছিৰিঞ্জকে আদি কৰি আন সকলো প্ৰয়োজনীয় সামগ্ৰী মজুত আছে বুলি তেওঁ লগতে উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here