মাজনিশা কুকুৰে অত্যধিক কন্দাৰবৈজ্ঞানিক কাৰণ জানেনে আপুনি?

0
157


চহৰ বা নগৰাঞ্চলৰ দিন-ৰাতিৰ চিন-চাব নাথাকে৷ কি দিন, কি ৰাতি– অনৱৰতে মানুহৰ সমাগম, হৈ-হাল্লাৰ এক আৰ্তনাদ মহানাগৰিকৰ মাজত৷ কিন্তু তাৰ পৰিৱৰ্তে গ্ৰামাঞ্চলৰ মাজনিশাৰ পৰিৱেশ অতি জয়াল আৰু ভয়লগা৷ মাজনিশা কাৰো ক’তো এষাৰে মাত পাবলৈ নাই বিশেষকৈ চহা গ্ৰামাঞ্চলত৷ আৰু তেনে সময়তে জাক পাতি কুকুৰে যেতিয়া কান্দে, পৱিৱেশটো আৰু জয়াল হৈ পৰে৷ যেন কাহ পৰি জীন যোৱা অৱস্থা৷ বহুতেই এইদৰে কুকুৰ কান্দিলে বা আৰ্ত চিৎকাৰৰ আঁৰত নানা কুসংস্কাৰৰ চিন হিচাপে ভাবে৷ এক অশুভ, অমংগলীয়াৰ আগজাননী বুলি গণ্য কৰে৷ কিন্তু মাজনিশা কুকুৰে এইদৰে কান্দিলে বা চিঞৰিলে বিজ্ঞানে কি কয় সেই বিষয়ে জানো আহক৷
গৱেষণাৰ পৰা পোৱা মতে কিছুমান কুকুৰে পুৰণি ঠাই এৰি যদি নতুন ঠাইলৈ আহে, তেতিয়া সেই কুকুৰে অচিনাকি পৰিৱেশত মনৰ দুখ প্ৰকাশ কৰি নিশা কান্দিবলৈ ধৰে৷ আমি জানো যে কুকুৰ একমাত্ৰ প্ৰভুভক্ত জীৱ৷ সেয়ে বহু সময়ত মানুহৰ পৰা বিচ্ছিন্ন হৈ গ’লেও সেই কুকুৰে ৰাতি ৰাতি কান্দিবলৈ আৰম্ভ কৰে৷
আনহাতে নিশা কোনো দুৰ্ঘটনাত আঘাত পালে বা শাৰীৰিক অসুস্থতাৰ বাবে নিশা কুকুৰে কান্দে৷ এইদৰে কন্দাৰ অৰ্থ হ’ল কন্দা কুকুৰজনীৰ সংগী বা লগৰীয়াক জনোৱাটো৷ নিশা কুকুৰে সদায় এটা নিৰ্দিষ্ট এলেকাতহে পোহৰা দিয়ে৷ গতিকে সেই পোহৰা দিয়া এলেকাটোৰ বাকী কুকুৰবোৰক সজাগ কৰাৰ বাবেও কুকুৰে ভুকে বা কান্দে৷
আনহাতে কুকুৰে মাজনিশা অস্বাভাৱিক কিথু দেখিলেও কান্দিবলৈ ধৰে৷
আন প্ৰাণীৰ দৰে কুকুৰেও ভয় খায়৷ কুকুৰৰ বয়স বঢ়াৰ লগে লগে সেই ভয় বাঢ়ি যায়৷ সেয়েহে ৰাতি নিৰাপত্তাহীনতা ভুগি বা ভয় খায়ো কেতিয়াবা কান্দে৷ বিভিন্ন সময়ত সংগীৰ মৃত্যুৰ সময়তো কুকুৰে ৰাতি কান্দে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here