প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা দেখা গ’ল সূৰ্যৰ ৰশ্মি !

0
973

মঙল গ্ৰহৰ পৰা সূৰ্যৰ ৰশ্মিৰ দৃশ্য নাছাৰ মঙলযান কিউৰিঅ’চিটি ৰ’ভাৰৰ কেমেৰাই বন্দী কৰিছে৷ নাছাৰ তৰফৰ পৰা কোৱা হৈছে যে বিগৰ ফেব্ৰুৱাৰীৰ দুই তাৰিখে যেতিয়া সূৰ্যাস্ত হৈছিল, তেতিয়া মেঘৰ মাজেৰে সূৰ্যৰ পোহৰ প্ৰতিফলিত হৈছিল৷ সেই সময়তে অবিশ্বাস্য দৃশ্যৰ ছবি মাৰ্কিন মহাকাশ সংস্থাৰ মঙলযানৰ কিউৰিঅ’চিটি ৰ’ভাৰৰ কেমেৰাত ধৰা পাৰে৷ আগতেও মঙল গ্ৰহৰ পৰা সূৰ্যৰ ৰশ্মি পৰিলক্ষিত হৈছিল যদিও এইবাৰ ইমান স্পষ্টভাৱে মঙল গ্ৰহৰ পৰা সূৰ্যৰ পোহৰ দেখাটো আগতে কেতিয়াও হোৱা নাছিল৷ মাৰ্কিন মহাকাশ সংস্থাৰ তৰফৰ পৰা এই দৃশ্যৰ ছবি প্ৰকাশ কৰা হৈছে৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ইয়াৰ ছবি ভাইৰেল হৈছে৷ নাছাৰ তৰফৰ পৰা জনোৱা হৈছে যে পৃথিৱীৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ তথ্য প্ৰদানৰ বাবে মেঘৰ ওপৰত সমীক্ষা চলোৱা হয়৷ যিয়ে আৱ-হাৱাৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে৷ যেতিয়া মঙল গ্ৰহৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব, তেতিয়া মেঘৰ সমীক্ষাৰ জৰিয়তে মঙল গ্ৰহৰো একাধিক জানিবলগীয়া তথ্যও পোৱা যাব৷ বিজ্ঞানীসকলে আশা ব্যক্ত কৰিছে যে মঙল গ্ৰহত কেতিয়া মেঘ তৈয়াৰ হয়, তাৰ ভিত্তিত ৰঙা গ্ৰহৰ বায়ুস্তৰৰ উপাদান, তাপমাত্ৰা তথা বায়ুসহ বিভিন্ন তথ্য জানিবলৈ সক্ষম হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here