ৰন্ধন প্ৰণালীত কাঠৰ হেতা ব্যৱহাৰকৰিলে কি পাব আচৰিত লাভ

0
143


ৰন্ধন কাৰ্যত কি পাত্ৰ ব্যৱহাৰ কৰা হয়, তাৰ ওপৰত অধিকাংশই নিৰ্বৰ কৰে খাদ্যৰ সোৱাদ৷ এলুনিমিয়ামৰ পাত্ৰ, ষ্টিলৰ বা মাটিৰ পাত্ৰৰ পৰা আৰম্ভ কৰি নন-ষ্টি˜ক বা অত্যাধুনিক সামগ্ৰীৰ ক্ষেত্ৰত খাদ্যৰ সোৱাদ ভিন্ন ভিন্ন হয়৷ ঠিক একেদৰে ৰন্ধন প্ৰণালীত কাঠৰ হেতা, খন্তি আদিৰ ব্যৱহাৰৰ প্ৰচলনো বেছ পুৰণি৷ খাদ্য ৰান্ধিবলৈ কাঠৰ হেতা ব্যৱহাৰ কৰাৰ ফলত কিছু গুণাগুণ আছে, যিবোৰ জানিলে হয়তো আপুনি অন্য ধাতৱ সামগ্ৰীবোৰ বাদ দিব৷ দেখা যায় যে এলুমিয়িাম বা অন্য ধাতুৰে নিৰ্মিত হেতা বা খন্তিৰে খাদ্য বনালো হেতাখন লগতে গৰম হৈ যায়৷ যাৰ বাবে আপুনি খাদ্যবস্তুখিনি ভালদৰে লৰাব বা ৰান্ধিব নোৱৰা হয়৷ সেই ক্ষেত্ৰত কাঠৰ হেতা বেছ নিৰাপদ৷ ইয়াৰ দ্বাৰা খাদ্য ৰান্ধিলে কঠিন পৰিস্থিতি অৰ্থাৎ তাপ বা চাপ সহজে সহ্য কৰিব পাৰি৷ দ্বিতীয়তে কাঠৰ হেতাই ৰন্ধা বাচনটোত কোনোধৰণৰ দাগ নেপেলায়৷ কাঠৰ হেতাৰে ৰন্ধাটো অতি সহজ৷ কোনো ভাজি বা মছলা ৰন্ধাৰ সময়ত বাচনটোত লাগি ধৰে আৰু এৰা নাখায়৷ এইদৰে লাগি ধৰিলে কাঠৰ হেতাৰে জোৰে গুচালেও পাত্ৰটোত কোনো দাগ নপৰে আৰু সহজে ভাজিখিনি এৰা দিয়ে৷ কাঠৰ হেতাৰে ৰান্ধিলে বাচনৰ ক্ষতি হোৱাৰ সম্ভাৱনা কম৷ কাঠেৰে তৈয়াৰী হেতা বা খন্তি শক্তিশালী হয়৷ যিবোৰ সহজে ভাঙি নাযায়৷ ইয়াৰ ফলত এইবোৰ দীৰ্ঘম্যাদী হয়৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল ৰন্ধন প্ৰণালীত কাঠৰ হেতা ব্যৱহাৰ কৰাৰ ফলত কোনো খাদ্যতে বিক্ৰিয়া নঘটে৷ অন্য ধাতু্‌ৰে নিৰ্মিত হেতাৰে খাদ্য ৰন্ধাৰ ফলত বিক্ৰিয়া হৈ বনোৱা খাদ্যখিনি খোৱাৰ অনুপযোগীও হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here