মহিলাসকলে নিয়মিত জিলমিল শাক খাওক

0
2563

জিলমিল শাক সকলোৰে বাৰীত হোৱা এবিধ শাক৷ এই শাকবিধ ওখই মাত্ৰ ছয় ইঞ্চিৰমানৰ পৰা দুই ফুট পৰ্যন্ত হোৱা দেখা যায়৷ ইয়াৰ পাতবোৰ সৰু সৰু আৰু পাতত চিকমিকাই থকা বালিসদৃশ কিছুমান দানা থাকে৷ ইয়াৰ বৈজ্ঞানিক নাম হ’ল চিন’পডিয়াম এলবুন (Chenopodium albun)৷ ভতুৱা শাক আমাৰ সকলোৰে পৰিচিত৷ ইয়াক সাধাৰণতে ভতুৱা শাক বুলিও কোৱা হয় যদিও ঠাই ভেদে ইয়াক বিভিন্ন নামেৰে জনা যায়৷ এই শাকবিধ বনৰীয়া যদিও ইয়াক ঘৰৰ শাকনিডৰাৰ মাজত অথবা পথাৰত সহজে পোৱা যায়৷ এইবিধ শাকত যথেষ্ট পৰিমাণে লো, খনিজ লৱণ আৰু ক্ষাৰ পোৱা যায়৷ ভতুৱা শাক আমাৰ খাদ্য তালিকাত নিয়মিতভাৱে ৰাখিলে দেহ নিৰোগী হৈ থাকিব পাৰে৷ জিলমিল শাক খালে কিডনীত পাথৰ হোৱাত বাধা দিয়ে৷ নিয়মিতভাৱে জিলমিল শাক খালে কোষ্ঠকাঠিন্য ৰোগৰ পৰা উপশম পাব পাৰি৷ ই পুৰুষৰ শুক্ৰাণু বৃদ্ধিত অৰিহণা যোগায়৷ জিলমিল শাকৰ ৰস সিদ্ধ কৰি খালে পেটৰ অজীৰ্ণ, গেষ্ট্ৰিক আদি ৰোগ ভাল হয়৷ ভতুৱা শাকে কৃমিৰ লগতে শৰীৰৰ বিষ-কোপ আদি ৰোগ নাশ কৰিব পাৰে৷ জিলমিল শাক বিশেষকৈ মহিলাসকলৰ বাবে অতি উপকাৰী৷ মহিলাসকলৰ মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হ’লে দুই চামুচ ভতুৱা শাকৰ গুটি এগিলাচ পানীত সিজাই পানীখিনি খালে এই সমস্যাৰ পৰা সহজে হাত সাৰিব পাৰে৷ আনহাতে চকু ৰঙা পৰা বা চকুৰ পোৰণি আদিত এইবিধ শাক অতি উত্তম পথ্য৷ চৰ্মৰোগ যেনে– ফোঁহা, বগা দাগ আদিত জিলমিল শাকৰ ৰস সিদ্ধ কৰি সেই ৰস সেৱন কৰিলে উপশম পোৱা যায়৷ এষাৰ কথা আছে– দেহা থাকিলেহে বেহা। সেহেহে আহক, এনে এক ঔষধিগুণসম্পন্ন শাক আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি দেহটোক সুস্থ আৰু নিৰোগী কৰি ৰাখোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here