অত্যধিক বিস্কুট খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক নেকি ?

0
1698

বিস্কুট– আমাৰ সকলোৰে এবিধ প্ৰিয় খাদ্য৷ বিস্কুট ভাল নোপোৱা মানুহ কিজানি খুব কমেইহে ওলাব৷ ৰাতিপুৱা চাহকাপৰ লগত বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ অত্যধিক ভোকত দুই-তিনিখন বিস্কুট খালেই শীঘ্ৰে ভোক নিবাৰণ হয়৷ গতিকে বিস্কুট ভোক নিবাৰণৰ এক উত্তম উপায়৷ কিন্তু আপুনি জানেনে অত্যধিক বিস্কুট খালে আমাৰ শৰীৰৰ অপকাৰ হ’ব পাৰে৷ বিস্কুট তৈয়াৰ কৰোঁতে যিবোৰ উপাদান ব্যৱহাৰ কৰা হয়, সেইবোৰৰ কিছুমান উপাদানে শৰীৰৰ অনিষ্ট সাধন কৰে৷ বেছিভাগ বিস্কুটত প্ৰচুৰ পৰিমাণে ময়দা থাকে৷ যিহেতু ময়দা প্ৰস্তুত কৰাৰ সময়ত গমৰ ভিতৰত থকা পুষ্টিকৰ উপাদানসমূহ ওলাই যায়, গতিকে এনে ময়দা খোৱাটো স্বাস্থ্যসন্মত নহয়৷ ইয়াৰ ফলত বদহজম হ’ব পাৰে৷ বিস্কুট তৈয়াৰ কৰোঁতে “হাইড্ৰ’জেনেটেড অইল” ব্যৱহাৰ কৰে, যিটোৱে আমাৰ শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে ‘ট্ৰেন্স ফেট’ৰ মাত্ৰা বঢ়ায়; আৰু লাহে লাহে কলেষ্টৰেলৰ পৰিমাণ বৃদ্ধি কৰি হৃদৰোগৰ আশংকাও বঢ়ায়৷ আনহাতে বিস্কুটত অত্যধিক পৰিমাণৰ চেনি ব্যৱহাৰ কৰাৰ কাৰণে ডায়েবেটিছ ৰোগীসকলৰ বাবেও এনে চেনি থকা বিস্কুট অপকাৰী। অত্যধিক বিস্কুট সেৱনৰ ফলত শৰীৰত কেলৰিৰ মাত্ৰা বৃদ্ধি পায়৷ যাৰ ফলত ওজন বৃদ্ধি হৈ মেদবহুলতাই দেখা দিব পাৰে৷ ক্ৰীম বিস্কুটত কৃত্ৰিম ৰং ব্যৱহাৰ কৰাৰ বাবে ই শৰীৰত নানা ৰোগ সৃষ্টি কৰিব পাৰে৷ অত্যধিক বিস্কুট খোৱাৰ ফলত এলাৰ্জি হোৱাৰ সম্ভাৱনা থকাৰ লগতে স্মৰণ শক্তিৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব পাৰে৷ সেয়েহে অত্যধিক মাত্ৰাত বিস্কুট সেৱন নকৰি, শৰীৰৰ সুস্থতাৰ প্ৰতি গুৰুত্ব দিওঁ আহক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here