পৰিৱেশ-অনুকূল দীপাৱলী পালন কৰোঁ আহক

0
1301

পোহৰৰ উৎসৱ দীপাৱলী সমাগত৷ প্ৰাচীন কালৰে পৰা পৃথিৱীৰ বুকুৰ পৰা এন্ধাৰ বিনাশি পোহৰাই তোলাৰ উদ্দেশ্যেৰে মাটিৰ চাকি জ্বলাই কাতি মাহৰ অমাৱস্যা তিথিত দ্বীপান্বিতা পালনৰ পৰম্পৰা চলি আহিছে৷ প্ৰবাদ মতে, ৰামচন্দ্ৰই ৰাৱণক যুদ্ধত পৰাজিত কৰি সীতাসহিতে অয্যোধ্যালৈ উভতি আহোঁতে অযোধ্যাবাসীয়ে চাকি-বন্তি জ্বলাই আনন্দ প্ৰকাশ কৰিছিল৷ পৰৱৰ্তী সময়ত এই উৎসৱকে দীপাৱলী উৎসৱ হিচাপে পালন কৰা হয়৷ কিন্তু বৰ্তমান দীপাৱলীত আধ্যাত্মিকতাতকৈ কৃত্ৰিমতাৰ পয়োভৰ বেছি দেখা যায়৷ বৰ্তমান সময়ত আতচবাজীৰ ভৰত পোহৰৰ উৎসৱ ‘প্ৰদূষণৰ উৎসৱ’লৈ ৰূপান্তৰ হৈছে৷ আতচবাজী, ফটকা আদিৰ ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণৰ লগতে বায়ুত অক্সিজেনৰ পৰিমাণ কমি গৈ কাৰ্বন-ডাই-অক্সাইড, ছালফাৰ, জিংক আদি গেছৰ পৰিমাণ বাঢ়ি শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে ছালৰ ৰোগৰ সৃষ্টিৰ কাৰক হ’ব পাৰে৷ আনহাতে দীপাৱলীত জ্বলোৱা ফটকা আৰু আতচবাজীৰ পৰা নিৰ্গত জুইত অগ্নিদগ্ধ হৈ কাৰোবাৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহিব পাৰে৷ গতিকে ফিৰিঙতিৰ পৰা যাতে খাণ্ডৱ জাহৰ সৃষ্টি নহয়, সেই কথাত অধিক গুৰুত্ব দিব লাগে৷ দ্বীপান্বিতাত ফুটোৱা উচ্ছ প্ৰাবল্যৰ ফটকাৰ শব্দত শ্ৰৱণ শক্তিত ব্যাধাত জন্মায়৷ ফটকাৰ উচ্ছ প্ৰাবল্যৰ শব্দ, অতিমাত্ৰা নিৰ্গত ধোঁৱা আৰু ৰাসায়নিক পদাৰ্থই বায়ুমণ্ডল প্ৰদূষিত কৰি পৰিৱেশৰ ভাৰসাম্যতা বিনষ্ট কৰে, লগতে ইয়াত বাস কৰা জীৱকুল, চৰাই-চিৰিকটি আদিৰো যথেষ্ট অনিষ্ট সাধন হয়৷ এনেদৰে হোৱা বায়ু অথবা শব্দ প্ৰদূষণে জনস্বাস্থ্যলৈ ভাবুকি নমাই আনিছে৷ পৰিৱেশ প্ৰদূষিত কৰা ফটকা, আতচবাজীৰ আদি ক্ৰয় কৰিবলৈ যথেষ্ট অৰ্থৰো অপচয় হয়৷ আনহাতে ৰাজ্যত কৰ’না মহামাৰীৰ সংক্ৰমণ বৰ্তমানো অটুট আছে৷ যিহেতু কভিড-১৯ ভোগা ৰোগীৰ হাওঁফাওঁত আক্ৰমণ কৰি উশাহ-নিশাহ ল’ব নোৱৰা হয়৷ গতিকে এনেকুৱা সময়ত ফটকা, আতচবাজীৰ পৰা উদ্ভৱ হোৱা প্ৰদূষণে কৰ’না ৰোগীৰ বাবে আৰু মাৰাত্মক হৈ উঠিব পাৰে৷ সেয়ে আমি সকলোৱে উচ্ছ প্ৰাবল্যৰ ফটকা, আতচবাজী ব্যৱহাৰ নকৰি, দীপাৱলীক ‘প্ৰদূষণৰ উৎসৱ’ৰ পৰিৱৰ্তে ‘পোহৰৰ উৎসৱ’ হিচাপে উদ্‌যাপন কৰোঁ৷ প্ৰত্যেকে ঘৰৰ পদূলিত মাটিৰ চাকি জ্বলাই দীপাৱলী পালনেৰে এন্ধাৰ নাশি পৃথিৱীখন পোহৰাই তোলোঁ আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here