মহিলাসকলে ঘৰুৱা উপায়েৰে মুখৰ নোম কিদৰে আঁতৰাব ?

0
54


মহিলাসকল মুখত নোম গজাটো এটা অস্বস্তিকৰ সমস্যা৷ কেতিয়াবা এনে পৰ্যায় পায়গৈ যে অচিনাকিৰ সন্মুখত মুখৰ নোমৰ সৈতে ওলালে লাজে-অপমানবোধ কৰে৷ গতিকে এনেধৰণৰ পৰিস্থিতিৰ পৰা সকাহ পাবলৈ বিউটি পাৰ্লাৰলৈ গৈ মুখৰ নোম গুচাই মুখখন দেখাত সুন্দৰ কৰি ৰাখে৷ মুখখন একেবাৰে পৰিষ্কাৰ আৰু দেখাত উজ্জ্বল কৰি ৰাখিবলৈ পাৰ্লাৰলৈ গৈ থ্ৰেডিং কৰে৷ এই পদ্ধতি খুব বেদনাদায়ক৷
কিন্তু টকা খৰচ কৰি পাৰ্লাৰলৈ নগৈও মুখ বা ওঁঠৰ নোমৰ সমস্যা সমাধান কৰিব পৰা যায়৷ ক’ৰবাত হঠাতে বা খৰখেদাকৈ যাবলগীয়া হ’লে ছেভিঙৰ মাধ্যমেৰে ওঁঠ তথা গাল পৰিষ্কাৰ কৰিবলগাও হয়৷ কিন্তু ইয়াৰ ফলাফল দীৰ্ঘস্থায়ী নহয়৷ ফেচিয়েল হেয়াৰ নোহোৱা কৰক ট্ৰিমাৰৰ দ্বাৰা৷ নিয়মিতভাৱে এইদৰে হেয়াৰ ট্ৰিম কৰিলে আপাৰ লিপছ পৰিষ্কাৰ দেখিব৷ মহিলাসকলৰ এই সমস্যা সমাধানৰ কাৰণে ডেপিলেটৰি ক্ৰিম সদায় লগত ৰাখক৷ ডেপিলেটৰি ক্ৰিম বা হেয়াৰ ৰিমোভাৰ ক্ৰিমৰ দ্বাৰাও এই আপাৰ লিপছ পৰিষ্কাৰ কৰিব পাৰে৷ ইয়াৰ বাবে আপাৰ লিপছত ক্ৰিম সানি ল’ব৷ কিছুসময় এইদৰে ৰাখি পাছত মচি পেলাব৷ ফেচিয়েল হেয়াৰ আঁতৰাবলৈ সুকীয়া ৱাক্সিং ষ্ট্ৰিপ পোৱা যায়৷ এই ষ্ট্ৰিপ আপাৰ লিপছ লগাই লৈ তাৰ পাছত হেয়াৰ গ্ৰোথব বিপৰীতে দিশে টানি বা জোৰ দিলে নোমবোৰ উঠি আহিব৷ এই উপায়েৰে দীৰ্ঘস্থায়ী সমাধান পাব পাৰি৷ বজাৰত বিভিন্ন ৰকমৰ ফেচ এপিলেটৰ পোৱা যায়৷ ওঁঠ, গালৰ নোম উঠাবলৈ এইবোৰ ব্যৱহাৰ কৰিব পাৰে৷ আনহাতে ঘৰুৱাভাৱে অলপ চেনি আৰু নেমুৰ সৈতে এটা মিশ্ৰণ তৈয়াৰ কৰি অলপ গৰম কৰিব৷ এই মিশ্ৰণটো ৱাক্স বনাই লৈ আপাৰ লিপছৰ নোম উঠোৱাত ব্যৱহাৰ কৰিব পাৰে৷ হালধিৰে এটা পেক বনাই আপাৰ লিপছত লগাই কিছুক্ষণ অপেক্ষা কৰক৷ ইয়াৰ ফলত হেয়াৰ ফলিকবোৰ দুৰ্বল হৈ যাব আৰু নোমবোৰ সহজে সৰি বা এৰাই যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here