লিংগ উত্থানত ত্ৰুটী বা লিংগ শিথিলতাৰ কাৰণ আৰু চিকিৎসা

0
44


লিংগ উত্থান ত্ৰুটী বা পুৰুষত্বহীনতা বা লিংগ শিথিলতা হ’ল একপ্ৰকাৰৰ যৌন ৰোগ, যাৰ বাবে লিংগৰ উত্থিত অৱস্থা ধৰি ৰখাত ব্যৰ্থ হয় বা লিংগ উত্থান নহয়৷ সাধাৰণতে যৌন ক্ৰিয়াৰ অংশ হিচাপে যৌন উত্তেজনা অহাৰ লক্ষণ তথা মিলনৰ পূৰ্বে লিংগ শক্ত বা ডাঙৰ হৈ লিংগৰ উত্থান ঘটে৷ পুৰুষৰ যৌন সমস্যাবোৰৰ ভিতৰত লিংগ শিথিলতাও অন্যতম৷ এই সমস্যাৰ কাৰণে মানসিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকে, কিয়নো ইয়াত ব্যক্তিসত্তা তথা যৌন সম্পৰ্কত সংগীৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত এটা বিষয়৷ ৮০ শতাংশ পুৰুষৰ ক্ষেত্ৰতে এই শাৰীৰিক সমস্যাই দেখা দিয়ে৷ ইয়াৰ ভিতৰত হৃদযন্ত্ৰৰ ৰোগ, ডায়েবেটিছ, স্নায়ুতন্ত্ৰৰ সমস্যা, মাদকদ্ৰব্যৰ পাশ্বৰ্ক্ৰিয়া, প্ৰ’ষ্টেটেকটমি তথা হাইপোগোনাডিছম আদি সমস্যাবোৰৰ বাবে হ’ব পাৰে৷ আনহাতে ১০ শতাংশ লোকৰ মানসিক সমস্যা, ঘৃণাৰ অনুভূতি, ৰক্ষণশীল চিন্তা আদি কাৰকবোৰৰ বাবে লিংগ শিথিল হ’ব পাৰে৷ লিংগ উত্থানৰ ত্ৰুটীৰ বৈশিষ্ট্য হ’ল যৌনক্ৰিয়া সম্পাদনৰ সময়ত যি মাত্ৰাত লিংগ উত্থানৰ প্ৰয়োজন, সেই প্ৰয়োজন প্ৰতিবাৰ বা পুনঃ পুনঃ লিংগ উত্থিত নহয় অথবা লিংগৰ উত্থান হ’লেও তাক ধৰি ৰাখিব নোৱাৰি, কম সময়তে শিথিল হৈ যায়৷ সংজ্ঞায়িত কৰা অনুসৰি শাৰীৰিক মিলনৰ বাবে প্ৰয়োজনীয় কাৰ্য সম্পাদনৰ কাৰণে যি মাত্ৰাত শক্ত হোৱাৰ প্ৰয়োজন, সেই সাফল্য বা সেই ধাৰা ধৰি ৰখাত ব্যৰ্থতা৷ এই প্ৰক্ৰিয়া কম পক্ষেও তিনি মাহৰ অব্যাহত থাকিলে তাক উত্থিতজনিত ত্ৰুটী বোলা হয়৷ এই ৰোগ বা অসুবিধাৰ ফলত যৌন সংগীৰ আৱেগিক সুস্থতাৰ ক্ষতি হয়৷ এই ৰোগত আক্ৰান্ত পুৰুষ ব্যক্তিয়ে প্ৰাথমিকভাৱে চিহ্নিত হ’লেও প্ৰায় ৭৫ শতাংশ লোকেই চিকিৎসা নকৰায়৷
জীৱন যাত্ৰাৰ অভ্যাস বিশেষতঃ ধূমপান মদ্যপান আদি, যাৰ কাৰণে ৰক্তসিৰা সংকুচিত হৈ যাব পাৰে৷ চাৰ্জিকেলৰ কাৰণেও লিংগ উত্থানত বেছ সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ যেনে নষ্ট হোৱাৰ নাৰ্ভ পেলাই দিয়া, ৰক্ত সংবহন ব্যৱস্থাত বাধাৰ সৃষ্টি কৰা, প্ৰ’ষ্টেট কেঞ্চাৰত আক্ৰান্ত ৰোগীৰ চিকিৎসাত সাধাৰণ পাশ্বৰ্প্ৰতিক্ৰিয়া হ’লে উত্থানজনিত সমস্যা হ’ব পাৰে৷ বাইচাইকেল চালনাৰ সৈতে উত্থানৰ সম্পৰ্ক আছে৷ কাৰণ চাইকেল চালনাৰ সময়ত স্নায়ৱিক তথা সিৰা-উপসিৰাত ৰক্ত পৰিবহণ ব্যৱস্থাত সমস্যাৰ সৃষ্টি হ’ব পাৰে৷
লিংগ উত্থানৰ সকলোতকৈ জনপ্ৰিয় তথা সহজলভ্য চিকিৎসা হৈছে ভায়াগ্ৰা৷ ভায়াগ্ৰাই লিংগৰ মাজেৰে তেজ চলাচল বঢ়াই দিয়ে৷ আনহাতে লেভিট্ৰা আৰু ছিয়ালিছৰ দৰে ঔষধো এইক্ষেত্ৰত কাৰ্যকৰী৷ টেষ্টোষ্টেৰন হৰমনৰ নাটনিৰ ফলত এই ৰোগ হ’লে চিকিৎসকে টেষ্টোষ্টেৰন হৰমনৰ মাত্ৰা বঢ়োৱাৰ বাবে ঔষধ দিয়ে৷ ইয়াৰ উপৰি ভেকিউম ডিভাইচৰ মাধ্যমেৰে এই ৰোগৰ চিকিৎসা সম্ভৱ৷ আনহাতে চিকিৎসাৰ সমান্তৰালকৈ নিয়মিত শৰীৰচৰ্চা, ধূমপান তথা মদ্যপান নিষিদ্ধ কৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here