হাইপ্ৰেছাৰ, মাইগ্ৰেনত এইবিধ মছলাই মেজিকৰ দৰে কাম কৰে

0
63


আপোনাৰ হাই প্ৰেছাৰ বা অত্যধিক মানসিক চাপ বা উদ্বিগ্নতাৰ কাৰণে অত্যধিক মূৰৰ বিষ, মাইগ্ৰেনৰ দৰে সমস্যাই দেখা দিলে এইবিধ মছলা খাব পাৰে৷ এইবিধ মছলাই এইবোৰ সমস্যাত মেজিকৰ দৰে কাম কৰে৷ মছলাবিধ হ’ল ৰন্ধনশালত সহজে পোৱা ইলাচি৷ ইলাচিয়ে আমাৰ বিভিন্ন সমস্যা যেনে– কাহ, চৰ্দি, হাঁওফাঁওৰ সমস্যা, ৰক্ত সঞ্চালনৰ সমস্যা আদিৰ পৰা মুুক্তি দিব পাৰে৷ ইয়াৰ উপৰি ব্ৰংকাইটিছ, শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা, হুপিং কাহ আৰু হঁাওফাঁওৰ সংক্ৰমণৰ দৰে ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ দৈনিক ইলাচি খোৱাৰ অভ্যাস কৰিব পাৰে৷ আনহাতে উচ্ছ ৰক্তচাপৰ সমস্যাত ইলাচি খুব উপকাৰী৷ চুপ বা অইন বস্তুৰ লগত ইলাচি মিহলাই খালে কম সময়ত ভিতৰতে শৰীৰৰ ৰক্তচাপৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে৷ নিয়মিত ইলাচি খালে মুখৰ দুৰ্গন্ধ নোহোৱা হোৱাৰ লগতে ইনফেকশ্যন, মুখৰ ফোহা, দাঁত বা দাঁতৰ মাজাৰ বিভিন্ন সমস্যা নিৰাময় হয়৷ আনহাতে কোলোৰেক্টেল কেঞ্চাৰৰ ক্ষেত্ৰত ইলাচিৰ গুণাগুণ বিশেষভাৱে প্ৰমাণিত হৈছে৷ মূৰৰ বিষ দূৰ কৰিবলৈ ইলাচি দিয়া চাহ খাব পাৰে৷ ইয়াৰ বাবে গৰম পানীত ইলাচি গুৰ বা মৌৰ সৈতে মিহলাই সেৱন কৰিলে নিমিষতে মূৰৰ বিষ কমিবলৈ ধৰে৷ নিয়মিতভাৱে ইলাচি দিয়া পানী সেৱন কৰিলে মানসিক চাপ, উদ্বেগ আদি কমি থাকে৷ আনহতে ইলাচিৰ পাউডাৰ বা গুড়ি মুখত লগালে ছালৰ উজ্জ্বলতা বৃদ্ধি হয়৷ যিকোনো খাদ্যত ইলাচি দি খালে ইয়াৰ স্বাদ বৃদ্ধি হোৱাৰ লগতে ব্যঞ্জনখনৰ পৰা আমেজভৰা সুগন্ধি ওলায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here