২১ অক্টোবৰ : প্ৰধানমন্ত্ৰীৰ দৃষ্টিত কিয় ঐতিহাসিক দিন ? Why is October 21 a historic day in the eyes of the Prime Minister?

0
704
    ক’ভিডৰ ১০০ কোটি পালি ভেক্‌চিন দি ভাৰতে ইতিহাস ৰচনা কৰাৰ এদিনৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ অক্টোবৰত কয় যে দেশখনৰ টিকাকৰণ কাৰ্যসূচী ‘বিজ্ঞানৰ পৰা জন্ম, বিজ্ঞানৰ দ্বাৰা পৰিচালিত আৰু বিজ্ঞান-ভিত্তিক৷’ তেওঁ দৃঢ়তাৰে কয় যে এই অভিযানত যাতে কোনো ‘VIP Culture’ নাথাকে সেইটো নিশ্চিত কৰা হৈছে৷ দেশবাসীক উদ্দেশ্যি দিয়া এটা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া দেশখনত আত্মবিশ্বাস বিৰাজমান৷ তেওঁ কয় যে সমাজৰ বিভিন্ন পৰ্যায়ৰ পৰা অৰ্থনীতিলৈকে, প্ৰতিটো পৰ্যায়ত আৰু সকলোতে ‘আশাবাদ আশাবাদ আৰু আশাবাদ৷’ তেওঁ লগতে এই কথাত গুৰুত্ব দিয়ে যে উৎসৱৰ ঋতুৰ সময়ছোৱাত জনসাধাৰণে সতৰ্কতামূলক আৰু প্ৰতিৰোধমূলক ব্যৱস্থাবোৰ শিথিল কৰা উচিত নহয় আৰু মাস্ক পিন্ধাকে ধৰি ক’ভিড-প্ৰতিৰোধী সকলো ব্যৱস্থা পালন কৰি যাব লাগে৷ মোদীয়ে কয় যে সকলোৰে বাবে এইটো গৌৰৱৰ বিষয় যে ভাৰতৰ টিকাকৰণ কাৰ্যসূচী ‘বিজ্ঞানৰ পৰা জন্ম, বিজ্ঞানৰ দ্বাৰা পৰিচালিত আৰু বিজ্ঞান-ভিত্তিক৷’ তেওঁ দৃঢ়তাৰে কয় যে ভেক্‌চিন উদ্ভাৱন কৰাৰ পৰা মানুহক দিয়ালৈকে সকলো প্ৰক্ৰিয়াত বিজ্ঞান আৰু বিজ্ঞান-ভিত্তিক দৃষ্টিভংগী জড়িত৷ তেওঁ কয় যে ১০০ কোটি পালি ভেক্‌চিন দিয়াৰ মাইলৰ খুঁটিয়েই প্ৰতিটো প্ৰশ্নৰ উত্তৰ৷ এই সাফল্য দেশখনৰ প্ৰতিজন ব্যক্তিৰ৷ এই সফলতাৰ বাবে মই প্ৰতিজন নাগৰিকক অভিনন্দন জনাইছোঁ৷’ তেওঁ আৰু কয়, ‘ভাৰতৰ টিকাকৰণ অভিযান ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস’ৰ এটা জীৱন্ত উদাহৰণ৷’ 
100-crore vaccination: PM Modi changes Twitter profile picture with 'Congratulations India' message on it | India News – India TV

আন এটা বাতৰি মতে, ১০০ কোটি পালি ভাৰতে ভেক্‌চিন দি ইতিহাস ৰচনা কৰাৰ পাছত মোদীয়ে আজি এই সাফল্যৰ বাবে দেশখনক অভিনন্দন জনাই তেওঁৰ ছ’চিয়েল মিডিয়াৰ একাউণ্টতত তেওঁৰ প্ৰফাইল পিকচাৰ সলনি কৰে৷ নতুন টেক্সতত লিখা হৈছে: ‘কংগ্ৰেচুলেশ্যন্‌ছ ইণ্ডিয়া৷ ১০০ ক্ৰ’ৰ কভিড-১৯ ভেক্‌চিন ড’জ এডমিনিষ্টাৰ্ড৷’

LEAVE A REPLY

Please enter your comment!
Please enter your name here