মহানগৰীত ৩৫ কোটি টকাৰ হেৰ’ইন জব্দ

0
494

ড্ৰাগ্‌ছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ থকাৰ মাজতে ম্যানমাৰৰ পৰা মণিপুৰ-গুৱাহাটী হৈ উত্তৰ ভাৰতৰ নিয়াৰ পথত যোৱা এক ফেব্ৰুৱাৰীত গুৱাহাটীত আৰক্ষীয়ে ৩৫ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ কৰে৷ ঝাৰখণ্ডত পঞ্জীকৃত এখন ট্ৰাকৰ বাম্পাৰত হেৰ’ইনখিনি ভৰাই অনা হৈছিল৷ বাম্পাৰৰ ভিতৰত প্লাষ্টিকেৰে মেৰিয়াই আনিছিল ৪.৫ কিল’গ্ৰাম হেৰ’ইন৷ চোৰাংচোৱাৰ খবৰৰ ভিত্তিত গুৱাহাটীৰ নালাপাৰা অঞ্চলত আৰক্ষীয়ে অভিযান চলাই এই বৃহৎপৰিমাণৰ হেৰ’ইনখিনি জব্দ কৰিবলৈ সক্ষম হোৱা বুলি প্ৰকাশ কৰিছে মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থসাৰথি মহন্তই৷ আৰক্ষীয়ে হেৰ’ইনখিনিৰ সৈতে ট্ৰাকখন জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰা অনুসৰি জব্দ হোৱা হেৰ’ইনখিনি আছিল অতি উন্নত মানৰ৷ যাৰ বাবে ইয়াৰ মূল্য ৩৫ কোটি টকা হ’ব বুলি জানিবলৈ দিয়ে৷ বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ম্যানমাৰৰ পৰা  ম’ৰে হৈ মণিপুৰলৈ এই হেৰ’ইনখিনি সৰবৰাহ কৰা হৈছিল আৰু মণিপুৰৰ পৰা উক্ত ট্ৰাকখনেৰে উত্তৰ ভাৰতলৈ নিয়াৰ পৰিকল্পনা কৰিছিল৷ ড্ৰাগ্‌ছ সৰবৰাহকাৰীয়ে দৈনিক নতুন নতুন কৌশল গ্ৰহণ কৰি অহা বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷ ৰাজ্যজুৰি ড্ৰাগ্‌ছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ থকাৰ সময়ত কেনেকৈ এই বৃহৎ পৰিমাণৰ হেৰ’ইন গুৱাহাটী আহি পালে তাক লৈয়ো বিষয়টো আৰক্ষীৰ মাজত চৰ্চিত হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here