আমাজন বৰ্ষাৰণ্যতো জনজাতীয়ই ল’লে ক’ভিড ভেক্‌চিন

0
271

বিশ্বৰ সকলো প্ৰান্ততে ক’ভিডৰ টিকাকৰণ পূৰ্ণগতিত অব্যাহত আছে৷ ইয়াৰ সমান্তৰালভাৱে বিশ্বৰ অত্যন্ত দুৰ্গম অঞ্চলতো ক’ভিড ভেক্‌চিনে সাৰি লৈছে৷ শেহতীয়াকৈ প্ৰকাশ পোৱা এক খবৰে সমগ্ৰ বিশ্বতে আচৰিত কৰিছে, কিয়নো ব্ৰাজিলৰ অতি দুৰ্গম অঞ্চল আমাজন বৰ্ষাৰণ্যতো চলিছে ক’ভিড প্ৰতিৰোধা ভেক্‌চিন অভিযান৷  শেহতীয়াভাৱে অতি দুৰ্গম অঞ্চল আমাজনত এজন জনজাতীয় যুৱকে নিজৰ পিতৃক পিঠিত তুলি প্ৰায় ছয় ঘণ্টা খোজকাঢ়ি আনি ভেক্‌চিন কেন্দ্ৰত উপস্থিত হোৱা ছবিয়ে বিশ্বৰ সংবাদ মাধ্যমত খলকনিৰ সৃষ্টি কৰিছে৷ আমাজনৰ জ’ৱে নাম জনজাতীয় সম্প্ৰদায়ৰ তাৱি আৰু বাহুৰ দৰে সম্প্ৰদায়ৰ সদস্যৰ সংখ্যা ৩২৫জন৷ আমাজনৰ দৰে অতি দুৰ্গম অঞ্চলতো কভিড টিকাকৰণ অভিযানে সফল ৰূপ পোৱাত এতিয়া বিশ্বজুৰি এই জনজাতীয় সম্প্ৰদায়ৰ সজাগতাৰ ছবিয়ে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here