অ’মিক্ৰনৰ নতুন ছাব-ভেৰিয়েণ্ট বি এ.২

0
536
বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ডব্লিউ এইচ অ’-এ যোৱা ২ ফেব্ৰুৱাৰীত কয় যে কৰ’না ভাইৰাছৰ অতি সংক্ৰামক অ’মিক্ৰন ভেৰিয়েণ্টৰ এটা ছাব-ভেৰিয়েণ্ট মূল অ’মিক্ৰনতকৈও বেছি সংক্ৰামক হ’ব পাৰে৷ ৫৭খন দেশত অ’মিক্ৰনৰ ছাব-ভেৰিয়েণ্ট ধৰা পৰিছে৷ এই ছাব-ভেৰিয়েণ্টটোৰ নাম দিয়া হৈছে ‘বি এ.২’৷ প্ৰথমটো আছিল বি এ.১ ৷ সংস্থাটোৱে কয় যে কিছুমান দেশত এতিয়া অ’মিক্ৰন ভেৰিয়েণ্টৰ ছিকুৱেন্সিঙত আধাৰো অধিক এই ছাব-ভেৰিয়েণ্ট ধৰা পৰিছে৷ বি এ.১ আৰু বি এ.২ ছাব-ভেৰিয়েণ্টৰ মাজৰ পাৰ্থক্যৰ বিষয়ে বিশেষ জানিব পৰা হোৱা নাছিল, কিন্তু এটা নতুন অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে বি এ.২ ছাব-ভেৰিয়েণ্টটো অ’মিক্ৰনতকৈও বেছি সংক্ৰামক হ’ব পাৰে৷ সেয়ে সংস্থাটোৱে ইয়াৰ বৈশিষ্ট্যবোৰৰ বিষয়ে অধিক অধ্যয়নৰ বাবে আহ্বান জনাইছে৷ সংগঠনটোৱে কয় যে ১০ সপ্তাহৰ আগতে প্ৰথমতে দক্ষিণ আফ্ৰিকাত অ’মিক্ৰন ভেৰিয়েণ্ট ধৰা পৰাৰ পাছৰ পৰা এই পৰ্যন্ত বিশ্বৰ ৯ কোটি লোক ক’ভিডৰ সংক্ৰমণ হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here